নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: দেশত বৰ্তমানো অব্যাহত আছে কৃষক বিদ্ৰোহ । এই কৃষক বিদ্ৰোহৰ সমৰ্থন জনাই আহিছে কংগ্ৰেছে । বুধবাৰে উত্তৰ প্ৰদেশৰ ছাহাৰণপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা উপস্থিত হৈ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
লগতে যদিহে কংগ্ৰেছ পুনৰবাৰ ক্ষমতালৈ আহে তেন্তে মোদী চৰকাৰে বলৱৎ কৰা তিনিওখন নতুন কৃষি আইন বাতিল কৰিব বুলি কয় ৷ আনহাতে, এই আইন কেন্দ্ৰই বাতিল নকৰা পৰ্যন্তলৈ প্ৰতিবাদ অব্যাহত থাকিব বুলিও কয় প্ৰিয়ংকাই ।
ইফালে কংগ্ৰেছ নেত্ৰীগৰাকীৰ আগমণৰ দিনাই ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি কৰে জিলা প্ৰশাসনে । ছাহাৰণপুৰৰ জিলা দণ্ডাধীশে বিভিন্ন কাৰণ দৰ্শাই ১৪৪ ধাৰা জাৰি কৰে ।
ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে । অহা ৫ এপ্ৰিললৈকে সান্ধ্য আইন জাৰি কৰা হৈছে ।
লগতে পঢ়ক:প্ৰিয়ংকা গান্ধীৰ ছাহাৰণপুৰ ভ্ৰমণঃ জিলাখনত ১৪৪ ধাৰা জাৰি