ETV Bharat / bharat

'ইণ্ডিয়া'ৰ আসন ভাগ-বাটোৱাৰা, কংগ্ৰেছে ৫০০ টা সমষ্টিত চলাব জৰীপ

বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা আৰম্ভ হ'ব । তাৰ পূৰ্বে কংগ্ৰেছ দলে দেশৰ ৫০০ টা সংসদীয় সমষ্টিত জৰীপ চলোৱাৰ পৰিকল্পনা কৰিছে (Congress survey)। প্ৰতিটো সমষ্টিলৈ কংগ্ৰেছে এআইচিচি পৰ্যবেক্ষক প্ৰেৰণ কৰিব । তৃণমূল পৰ্যায়ৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ এই জৰীপ চলাব ।

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:37 PM IST

Congress to survey 500 LS seats
কংগ্ৰেছে ৫০০ টা সমষ্টিত চলাব জৰীপ

নেশ্যনেল ডেস্ক,৬ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ আসন ভাগ-বাটোৱাৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া চলি আছে । ইয়াৰ মাজতে কংগ্ৰেছ দলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । সমগ্ৰ দেশৰে ৫৪৩ টাৰ ভিতৰত ৫০০ টা সংসদীয় সমষ্টিত জৰীপ চলাব কংগ্ৰেছে । এই সমষ্টিবোৰত জৰীপ চলাবলৈ এআইচিচি পৰ্যবেক্ষক প্ৰেৰণ কৰাৰো পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে । দলীয় সূত্ৰৰ মতে পৰ্যবেক্ষকসকলে ৫০০ খন আসনৰ তৃণমূল পৰ্যায়ৰ পৰিস্থিতিৰ ওপৰত জৰীপ কৰিব আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ বাবে মতামত দিব ।

এই জৰীপে কংগ্ৰেছক বেছিভাগ আসনৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব আৰু আসন ভাগ-বাটোৱাৰাৰ অংশ হিচাপে অহা যিকোনো আসনত চলি থকা বিতৰ্কৰ অৱসানৰ বাবে দলটোক শক্তি দিব । চি ডব্লিউ চিৰ এগৰাকী সদস্যৰ মতে দলে সমগ্ৰ দেশৰ বেছিভাগ আসনৰ পৰিস্থিতি জনা উচিত । আলোচনাৰ সময়ত কংগ্ৰেছে এনেকুৱা এখন আসন লাভ কৰিব পাৰে যিটোত প্ৰতিদ্বন্দিতা কৰা নাই । এনে পৰিস্থিতিত জৰীপৰ দ্বাৰা কংগ্ৰেছে সহযোগীক সহায় কৰাৰ স্থিতিত থাকিব ।

দলৰ সূত্ৰৰ মতে পৰ্যবেক্ষকসকলক সাম্ভাব্য প্ৰাৰ্থী আৰু স্থানীয় সমস্যা চিনাক্তকৰণত ক্লাষ্টাৰ মুৰব্বীসকলক সহায় কৰিবলৈও কোৱা হ'ব পাৰে । ৫ জনীয়া কংগ্ৰেছ মিত্ৰজোঁটৰ পেনেলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আসন ভাগ-বটোৱাৰাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ বাবে ৰাজ্য অনুসৰি 'ইণ্ডিয়া' ব্লকৰ দলসমূহৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰাৰ পূৰ্বে কংগ্ৰেছে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

মহাৰাষ্ট্ৰৰ ভাৰপ্ৰাপ্ত এআইচিচি সচিব আশীষ ডুয়াই ইটিভি ভাৰতক কয় যে কিছুমান সমস্যা থাকিলেও মিত্ৰজোঁটৰ আসন ভাগ-বটোৱাৰাৰ আলোচনা সঠিক দিশত আগবাঢ়িছে । এই মাহৰ ভিতৰত অনুশীলন আৰম্ভ আৰু সম্পূৰ্ণ কৰা হ'ব । ডুয়াৰ মতে শাসকীয় দলে সৃষ্টি কৰা ধাৰণাতকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মোকাবিলা কৰিবলৈ বিৰোধী মিত্ৰজোঁট শ্ৰেষ্ঠ ।

ডুয়াই কয় যে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা, দিল্লী, গুজৰাট, কৰ্ণাটক, বিহাৰ আৰু ছত্তীশগড়ৰ দৰে ৰাজ্যত বিজেপিৰ ভোটৰ অংশ আছিল ৩৭ শতাংশ । এইবাৰ জেডি-ইউ আৰু শিৱসেনাৰ দৰে গুৰুত্বপূৰ্ণ সহযোগীসকল বাহিৰ হৈছে । ইয়াৰ বিপৰীতে, বিৰোধী ভোটৰ অংশ আছিল প্ৰায় ৬৩ শতাংশ । কিন্তু তেতিয়া ই একত্ৰিত হোৱা নাছিল । ৰাজ্যসমূহত বিজেপি শীৰ্ষত উপনীত হ'ব নোৱাৰে । যদি বিৰোধী ভোট একত্ৰিত হয়, তেন্তে ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব পাৰে বুলি ডুয়াই আশা প্ৰকাশ কৰিছে ।

দলীয় সূত্ৰৰ মতে কংগ্ৰেছে ইতিমধ্যে মিত্ৰদল শিৱসেনা ইউবিটি আৰু এনচিপিক অনানুষ্ঠানিকভাৱে কৈছে যে তেওঁলোকে মহাৰাষ্ট্ৰত ৪৮ খন আসনৰ ভিতৰত ২৩ খন আসন লাভ কৰিব লাগে, দলটোৱে পশ্চিমবংগত ৪২ খনৰ ভিতৰত ১২ খন সম্ভাৱ্য আসন আৰু বিহাৰৰ ৪০ খনৰ ভিতৰত ১২ খন আসন চিনাক্ত কৰিছে । কংগ্ৰেছে ভাবে যে সেইবোৰ আসনত দলটোৰ জয়ৰ সুযোগ আছে ।

একেদৰে, উত্তৰ প্ৰদেশৰ নেতাসকলে ৮০ খনৰ ভিতৰত ১৫ খন আসন দাবী কৰাৰ সম্ভাৱনা আছে । ২০১৯ চনত কংগ্ৰেছে প্ৰায় ৪২১ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । কিন্তু মাত্ৰ ৫২ খন আসনতহে জয়ী হৈছিল । বিহাৰত আৰজেডি, ঝাৰখণ্ডত জেএমএম, তামিলনাডুত ডিএমকে, কৰ্ণাটকত জেডি-এছ আৰু মহাৰাষ্ট্ৰত এনচিপিৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা আছিল । অৱশ্যে এইবাৰ কংগ্ৰেছে ২৮ জনীয়া 'ইণ্ডিয়া'ক নেতৃত্ব দি আছে ।

লগতে পঢ়ক :ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ল'গ' আৰু শ্ল'গান উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.