ETV Bharat / bharat

অসুৰৰ স্থানত মহাত্মা গান্ধী: হিন্দু মহাসভাৰ বিৰুদ্ধে বহুকেইটা ৰাজনৈতিক দলৰ এজাহাৰ - হিন্দু মহাসভাৰ বিৰুদ্ধে এজাহাৰ

দেওবাৰে বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত কলকাতা সৰ্বভাৰতীয় হিন্দু মহাসভা দুৰ্গা পূজাৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনসমূহে (Akhil Bharatiya Hindu Mahasabha at Kasba)৷

Congress, TMC slam Hindu Mahasabha for portraying Mahatma as Asura on Gandhi Jayanti
অসুৰৰূপী গান্ধী: হিন্দু মহাসভাৰ বিৰুদ্ধে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিআইৰ এজাহাৰ
author img

By

Published : Oct 3, 2022, 10:20 PM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : পূজাৰ উলহ-মালহৰ মাজতে দেশজুৰি দেওবাৰে পালন কৰা হৈছে গান্ধী জয়ন্তী ৷ এই সময়তে কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা (Akhil Bharatiya Hindu Mahasabha at Kasba)পূজাই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে । অখিল ভাৰতীয় হিন্দু মহাসভাই মহিষাসুৰৰ মুখৰ অৱয়বৰ ঠাইত মহাত্মা গান্ধীৰ মূৰ্তি লগোৱা কাৰ্যই তোলপাৰ লগাইছে ৷

এই ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে একাংশই জাঙুৰ খাই উঠিছে ৷ দেওবাৰে বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত কলকাতা সৰ্বভাৰতীয় হিন্দু মহাসভা দুৰ্গা পূজা পেণ্ডেলৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনসমূহে (Mahatma as Asura on Gandhi Jayanti) ৷

প্ৰতিবেদন অনুসৰি ভাৰতীয় দণ্ডবিধিৰ ধাৰা 188 (আইনীভাৱে ৰাজহুৱা কৰ্মচাৰীৰ দ্বাৰা জাৰী কৰা আদেশ অমান্য), 283 (যিকোনো ৰাজহুৱা উপায়েৰে বিপদ বা বাধা সৃষ্টি কৰা), 153 বি (প্ৰত্যাখ্যান, ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰতি বিৰোধী দাবী) আৰু 34 (উদ্দেশ্যৰ বাবে কেইবাজনো ব্যক্তিয়ে কৰা কাৰ্য)ৰ অধীনত দাখিল এজাহাৰ দাখিল কৰা হৈছিল ৷

অসুৰৰ মুখখন মহাত্মা গান্ধীৰ লগত ইমানেই সাদৃশ্য আছিল যে, তেওঁ ঘূৰণীয়া চশমা পিন্ধিছিল, ফলত মহাত্মা গান্ধীৰ দৰে সাইলাখ হৈ পৰিছিল ৷ ইয়াৰ পিছতে আয়োজকসকলে দাবী কৰিছিল যে তেওঁলোকে মূৰ্তিটোৰ চেহেৰা সলনি কৰিবলৈ বাধ্য হৈছিল আৰু ইয়াক অন্য ৰূপ দিবলৈ চেষ্টাহে কৰিছিল ৷

সোঁপন্থী গোটটোৱে মহাত্মা গান্ধীক মুকলিকৈ অৱমাননা কৰাৰ বাবে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে সোঁপন্থী গোটটোক সমালোচনা কৰাৰ উপৰিও বিহাৰৰ পিচিচি মুখপাত্ৰ অসিত নাথ তিৱাৰীয়ে তেওঁলোকক "নিৰক্ষৰ লোকৰ গোট" বুলি অভিহিত কৰিছিল ৷ লগতে তিৱাৰীয়ে কয় যে, তেওঁলোক সেইসকল লোক যিয়ে নাথুৰাম গডছেক তেওঁলোকৰ দেৱতা বুলি গণ্য কৰে ৷

"মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকক কিছু মগজু দিয়ক আৰু তেওঁলোকক এই ভুলৰ বাবে ক্ষমাও কৰি দিছো ৷ সময় আহিব, মানুহে তেওঁলোকক প্ৰকৃত উত্তৰ দিব ৷"

ছত্তিশগড় কংগ্ৰেছ মিডিয়া বিভাগৰ ৰাজ্যিক সভাপতি সুশীল আনন্দ শুক্লায়ো এই ঘটনাক গৰিহণা দিয়ে আৰু কয় যে এইটো "আৰ এছ এছ, গডছে মানসিকতাৰ ফলাফল ৷ ভাৰতৰ জনসাধাৰণে ইয়াক গ্ৰহণ নকৰে ৷"

তিৰুৱন্তপুৰমত থকা চি পি আই নেতা ডি ৰাজাই ইটিভি ভাৰতক কয়, "এইটো অতি অত্যন্ত নিন্দনীয় ঘটনা৷ কোনো লোকে ৰাষ্ট্ৰৰ পিতৃ মহাত্মা গান্ধীক কেনেকৈ অৱমাননা কৰিব পাৰে ? ৰাজ্য চৰকাৰে গান্ধীজীক এনেদৰে অৱমাননা কৰা সকলৰ বিৰুদ্ধে বিহুত ব্যৱস্থা লোৱা উচিত ৷" ৰাজাই লগতে কয় যে মহাত্মা গান্ধীয়ে সদায় ধৰ্মনিৰপেক্ষ নীতিৰ পক্ষত থিয় দিছিল আৰু পৰম সাহসেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল ৷ গান্ধীয়ে হিন্দু-মুছলমান ঐক্যৰ পক্ষত থিয় দিছিল ৷

চিপিআইৰ ৰাষ্ট্ৰীয় সম্পাদক অতুল অঞ্জনে কৈছিল যে আয়োজকসকলে জনসাধাৰণৰ অনুভূতিৰ সৈতে খেলিছে ৷ এয়া ৰাষ্ট্ৰৰ পিতৃৰ প্ৰতি দেখুওৱা অসন্মান ৷ আমি বিচাৰো যে আয়োজকে ক্ষমা বিচাৰিব লাগে ৷ তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু কৰা উচিত ৷

ইফালে অখিল ভাৰত হিন্দু মহাসভাই এই সন্দৰ্ভত কয় যে, অখিল ভাৰত হিন্দু মহাসভাই নিজৰ স্থিতিত অটল থাকিব ৷ গান্ধীক হত্যাকাৰী আৰু অসুৰ বুলি ক'বলৈ আমি কুণ্ঠাবোধ নকৰো ৷

উল্লেখ্য যে সোঁপন্থী দলটোক এই বিষয়ে সোধাত তেওঁলোকে প্ৰশাসনৰ হেঁচাত মূৰ্তিটো সলনি কৰিবলৈ বাধ্য হৈছিল বুলিও কৈছিল ৷ কিন্তু কলকাতা আৰক্ষীয়ে এতিয়ালৈকে এই কথা অস্বীকাৰ কৰি আহিছে ৷ তাৎপৰ্যপূৰ্ণ যে কেইবছৰমান পূৰ্বে নিষিদ্ধ কৰা হিন্দু মহাসভাই ২ অক্টোবৰক 'ক'লা দিৱস'(Black Day of ABHM) হিচাপে পালন কৰে ।

লগতে পঢ়ক:কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.