ETV Bharat / bharat

Congress sets up screening panels: চাৰি ৰাজ্যৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ স্ক্ৰীণিং কমিটি গঠন - AICC

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু তেলেংগানাত অনুস্থিতি হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ কংগ্ৰেছ দল ৷ চাৰি ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ এখন স্ক্ৰীণিং কমিটি গঠন কৰিছে ৷

Congress sets up screening panels
ৰাজস্থান কংগ্ৰেছৰ নিৰ্বাচনী স্ক্ৰীণিং কমিটিৰ অধ্যক্ষ পদত সাংসদ গৌৰৱ গগৈ
author img

By

Published : Aug 3, 2023, 9:04 AM IST

নেশ্যনেল ডেস্ক, 3 আগষ্ট: আগন্তুক ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তিশগড় আৰু তেলেংগানাত অনুস্থিতি হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ কংগ্ৰেছ দল ৷ কৰ্ণাটকৰ পাচত এই চাৰি ৰাজ্যত যাতে সফলতা পাব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ এখন স্ক্ৰীণিং কমিটি গঠন কৰিছে ৷ বুধবাৰে ৰাজস্থানৰ বাবে গঠন কৰা স্ক্ৰীণিং কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে অসমৰ সাংসদ গৌৰৱ গগৈক ৷ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটসহ গণেশ গোড়িয়াল আৰু অভিষেক দত্ত পেনেলৰ সদস্য হিচাপে ৰখা হৈছে ৷

বুধবাৰে প্ৰকাশ কৰা এক বিবৃতিতৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা ৷ আনহাতে, মধ্য প্ৰদেশৰ বাবে স্ক্ৰীণিং কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে জীতেন্দ্ৰ সিঙক ৷ মধ্য প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী কমল নাথ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা গোবিন্দ সিং, প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ লগতে ৰাজ্যখনৰ AICCৰ ভাৰপ্ৰাপ্ত সচিবসকল কমিটিৰ সদস্য হিচাপে মনোনীত কৰিছে ৷

ছত্তিশগড়ৰ বাবে স্ক্ৰীণিং কমিটিৰ অধ্যক্ষ হিচাপে অজয় মাকেনে দায়িত্ব দিয়া আছে ৷ এল হনুমন্তায় আৰু নেটা ডিচুজা স্ক্ৰীণিং কমিটিৰ সদস্য হ'ব । ছত্তিশগড় কংগ্ৰেছৰ মুৰব্বী দীপক বাইজ, মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ৰাজ্যখনৰ AICC ভাৰপ্ৰাপ্ত সচিবসকল পেনেলৰ সদস্য হিচাপে মনোনীত কৰিছে ৷ তেলেংগানাৰ বাবে স্ক্ৰীণিং কমিটিৰ অধ্যক্ষ্য হিচাপে মনোনীত কৰিছে কে মুৰলীধৰণক ৷

আনহাতে বাবা ছিদ্দিক, জিগনেশ মেৱানী, এ ৰেৱন্ত ৰেড্ডী ৰাজ্যখনৰ AICCৰ ভাৰপ্ৰাপ্ত সচিবসকল পেনেলৰ পদস্থ সদস্য হ'ব । লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত হ’ব লগা চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক:One detained with drugs:নীলামবজাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.