নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ : এইবছৰতে দেশৰ ৫ খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । কংগ্ৰেছ, বিজেপিকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । কংগ্ৰেছ দলে দেওবাৰে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । দলটোৱে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থী ঘোষণা কৰিছে । সমান্তৰালকৈ ছত্তীশগড় নিৰ্বাচনৰ বাবে ৩০ জনীয়া আৰু অহা মাহত অনুষ্ঠিত হ'বলগীয়া তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে ৫৫ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।
মধ্যপ্ৰদেশত দলটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিচিচি মুৰব্বী কমল নাথক তেওঁৰ ছিন্দৱাৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙক ৰাগিগাথ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেওঁ যোৱা কমল নাথ চৰকাৰৰ এগৰাকী মন্ত্ৰীও আছিল ।
ছত্তীশগড়ত কংগ্ৰেছে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক তেওঁৰ পাটন বিধানসভা সমষ্টিৰ পৰা আৰু উপ মুখ্যমন্ত্ৰী টি এছ সিং দেওক অম্বিকাপুৰ বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেলেংগানাত দলটোৱে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অনুমালা ৰেৱন্ত ৰেড্ডীক কোদাংগল বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰে আনহাতে চিএলপি নেতা ভাট্টি বিক্ৰমাৰ্কা মাল্লুক মাধিৰা-এছচি আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
উল্লেখ্য যে ছত্তীশগড় বিধানসভা নিৰ্বাচন ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব । মধ্যপ্ৰদেশৰ নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব আৰু তেলেংগানা বিধানসভা নিৰ্বাচন ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব । আনহাতে ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ'ব ।
ছত্তীশগড়ত কংগ্ৰেছ দলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে পুৰণি নেতাসকলৰ মাজত যোগ্য বিধায়কসকলৰ টিকট বাতিল কৰা নহয় । হাই প্ৰফাইল আসনৰ বাহিৰে আন আসনৰ বাবে প্ৰাৰ্থী বাছনি কৰাটো দলটোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল । বহুবাৰ নিৰন্তৰ নিৰ্বাচনত জয়ী হৈ থকা বিধায়কসকলক বাছনি কৰাৰ সন্দৰ্ভত বহুতো সভাও অনুষ্ঠিত হৈছে ।
লগতে পঢ়ক :Mukhtar Ansari and Abbas in money laundering case : মুখতাৰ আনছাৰী আৰু আব্বাছৰ লাখ টকাৰ সম্পত্তি জব্দ