নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : সপ্তাহজোৰা ভ্ৰমণসূচীৰে মঙলবাৰে ইউৰোপলৈ ৰাওনা হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী । উল্লেখ্য যে, অহা ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া জি-২০ সন্মিলনৰ মাজতে তেওঁ এই ইউৰোপীয় দেশ ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে । তেওঁ এই সন্মিলন শেষ হোৱাৰ এদিন পিছত, ১১ ছেপ্টেম্বৰত দেশলৈ উভতি আহিব বুলি সূত্ৰত প্ৰকাশ । তেওঁৰ এই ভ্ৰমণৰ সময়ছোৱাত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ইউৰোপত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে এক বৈঠকত মিলিত হ'ব ।
উল্লেখ্য যে, ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ব্ৰাছেলছত ইউৰোপীয় ইউনিয়নৰ অধিবক্তা আৰু শিক্ষাৰ্থীসকলকো সাক্ষাৎ কৰিব । তাৰ পিছত তেওঁ হেগত এনে ধৰণৰ আন এখন সভাত ভাষণ দিব বুলি সূত্ৰই জনাইছে । আনহাতে, ইণ্ডিয়া ব্লকৰ নেতাজনে ৮ ছেপ্টেম্বৰত পেৰিছৰ এখন বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছদিনা তেওঁ ফ্ৰান্সৰ ৰাজধানী চহৰত ফ্ৰান্সৰ লেবাৰ ইউনিয়নৰ এখন সভাত অংশগ্ৰহণ কৰাৰ কথা আছে ।
ইয়াৰ উপৰি ৰাহুল গান্ধীয়ে ১০ ছেপ্টেম্বৰত নৰৱে’ৰ অছলো চহৰত এক প্ৰবাসী ভাৰতীয়ৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । তাৰ পিছদিনা ৰাহুল ভাৰতলৈ উভতি আহিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, কংগ্ৰেছ সাংসদজনৰ বিদেশ ভ্ৰমণ কাৰ্যসূচী এনে এক সময়ত লোৱা হৈছে, যিটো সময়ত সাংবিধানিক আৰু চৰকাৰী চিঠি-পত্ৰত ইণ্ডিয়া নামটো ভাৰতলৈ সলনি কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক লৈ শাসনাধিষ্ঠ এনডিএ আৰু ইণ্ডিয়া ব্লকৰ নেতাসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি আছে ।
উল্লেখ্য, ৯-১০ ছেপ্টেম্বৰত ভাৰতে জি-২০ বিশ্ব নেতা সন্মিলনৰ আয়োজন কৰিছে । দেশৰ ৰাজধানী চহৰ দিল্লী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ নেতাসকলক আদৰণি জনাবৰ বাবে সুসজ্জিত হৈ উঠিছে । ভাৰত হৈছে জি-২০ গ্ৰুপৰ বৰ্তমানৰ সভাপতি । দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত ৩০ জনতকৈও অধিক ৰাষ্ট্ৰপ্ৰধান, ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ বিষয়া, ১৪ জন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :Himanta Biswa sarma slammed the Opposition:‘ভাৰত’ৰ সমৰ্থনত যুযুধান ৰূপত হিমন্ত বিশ্ব শৰ্মা