ETV Bharat / bharat

হাৰিয়ানাৰ কুস্তি আখাড়াত ৰাহুল গান্ধী; বজৰং পুনিয়াসহ অন্যান্য মল্লযোদ্ধাৰে বাৰ্তালাপ - Sakhi Malikkh retired from wrestling

Rahul Gandhi visit Akhara : ৰাহুল গান্ধীৰ ঝাজ্জৰ ভ্ৰমণৰ পিছত মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে ৰাহুল গান্ধীয়ে তেওঁলোকৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । আনহাতে, বজৰঙৰ প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যই কয় যে কংগ্ৰেছৰ সাংসদগৰাকীৰ ভ্ৰমণ আকস্মিক আছিল আৰু তেওঁলোকক এই বিষয়ে অৱগত কৰা হোৱা নাছিল ।

Rahul Gandhi visits Virender Arya Akhara
হাৰিয়ানাৰ কুস্তি আখাড়াত ৰাহুল গান্ধী
author img

By ANI

Published : Dec 27, 2023, 10:56 AM IST

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : বুধবাৰে পুৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ ছাৰা গাঁৱৰ বীৰেন্দ্ৰ আৰ্য আখাড়াত উপস্থিত হয় । তাত তেওঁ অলিম্পিয়ান বজৰং পুনিয়াকে ধৰি মল্লযোদ্ধাসকলৰ সৈতে বাৰ্তালাপ কৰে । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আখাড়াত মল্লযোদ্ধা আৰু প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যৰ সৈতেও বাৰ্তালাপ কৰে । উল্লেখ্য যে এই আখাড়া হৈছে কেইবাগৰাকীও অলিম্পিয়ানৰ প্ৰশিক্ষণ ক্ষেত্ৰ ।

ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ঝাজ্জৰ ভ্ৰমণৰ পিছত মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে ৰাহুল গান্ধীয়ে তেওঁলোকৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । "তেওঁ আমাৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । তেওঁ মল্লযুদ্ধ কৰিছিল । তেওঁ এগৰাকী মল্লযোদ্ধাৰ দৈনন্দিন কাৰ্যকলাপ চাবলৈ আহিছিল ।" বজৰং পুনিয়াই কয় ।

আনহাতে, বজৰঙৰ প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যই কয় যে কংগ্ৰেছৰ সাংসদগৰাকীৰ ভ্ৰমণ আকস্মিক আছিল আৰু তেওঁলোকক এই বিষয়ে অৱগত কৰা হোৱা নাছিল । "কোনেও আমাক কোৱা নাছিল যে তেওঁ আহি আছে । আমি ইয়াত অনুশীলন কৰি আছিলোঁ আৰু তেওঁ হঠাতে আহি ওলায়... তেওঁ পুৱা প্ৰায় ৬.১৫ বজাত ইয়াত উপস্থিত হয়... তেওঁ আমাৰ সৈতে ব্যায়াম কৰে আৰু তাৰ পিছত তেওঁ আমাক তেওঁৰ ব্যায়াম আৰু খেলৰ বিষয়ে কয় । ক্ৰীড়া সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে... । প্ৰশিক্ষক আৰ্যই কয়।

উল্লেখ্য যে ৰাহুল গান্ধীৰ এই আখাড়া ভ্ৰমণ তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কুস্তি ফেডাৰেচনৰ বিতৰ্কিত নিৰ্বাচনৰ পিছত খেল ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা অলিম্পিয়ান সাক্ষী মালিকৰ ঘৰলৈ যোৱাৰ পিছতে আহিছে ।

বিগত সপ্তাহত ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই) নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত দেশৰ মল্লযুদ্ধ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে । ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ চৰণ সিঙৰ সহায়ক সঞ্জয় সিঙক বৃহস্পতিবাৰে নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় । যাৰ ফলত ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাসকলৰ মাজত এক ডাঙৰ হতাশাৰ সৃষ্টি হয় ।

আনহাতে, ডব্লিউএফআই নিৰ্বাচনত সঞ্জয় সিঙৰ বিজয়ৰ পিছত আৱেগিক সাক্ষী মালিকে ৰাষ্ট্ৰীয় ৰাজধানীত এক সংবাদমেল সম্বোধন কৰি মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে । অৱশ্যে ক্ৰীড়া মন্ত্ৰালয়ে ডব্লিউএফআইৰ নৱ-নিৰ্বাচিত সংস্থাটোক নিলম্বন কৰাৰ পিছত ঘটনাই এক নতুন মোৰ লয় ।

ইফালে বজৰং পুনিয়াই তেওঁৰ পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ অলপ পিছতে আন এগৰাকী অলিম্পিয়ান বিনেশ ফোগাটে মঙলবাৰে ঘোষণা কৰে যে তেওঁ তেওঁৰ মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা আৰু অৰ্জুন বঁটাও ঘূৰাই দিব ।

দেওবাৰে পুনিয়াই কৈছিল যে যৌন নিৰ্যাতন আৰু ইয়াৰ অপৰাধীসকলৰ বিৰুদ্ধে যুঁজি থকা তেওঁৰ 'ভগ্নী আৰু কন্যাসকলক' ন্যায় নিদিয়ালৈকে তেওঁ চৰকাৰক ঘূৰাই দিয়া তেওঁৰ পদ্মশ্ৰী বঁটা ঘূৰাই নলয় ।

ইফালে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে দেওবাৰে ভাৰতীয় অলিম্পিক সংস্থাক (আইঅ'এ) ভাৰতীয় কুস্তি ফেডাৰেচনৰ কাম-কাজ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে এখন তদৰ্থক সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া বুলি মন্ত্ৰালয়ৰ এক সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, কোনেও বন্ধ কৰিব নোৱাৰে; অমিত শ্বাহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.