ETV Bharat / bharat

2000 Rs Notes Withdrawing : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য সাংসদ অধীৰ ৰঞ্জনৰ

২০০০ টকীয়া নোট প্ৰত্যাহাৰ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে পশ্চিমবংগৰ মুৰ্শিদাবাদত প্ৰধানমন্ত্ৰী মোডী সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে (Adhir Ranjan controversial remarks against Modi) ।

Adhir Ranjan controversial remarks against Modi

author img

By

Published : May 24, 2023, 4:53 PM IST

নিউজ ডেস্ক, ২৪ মে' : জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এক বিতৰ্কিত মন্তব্য কৰে (Adhir Ranjan controversial remarks against Modi) । কেন্দ্ৰই ২০০০ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাবে মোডীক সমালোচনা কৰে অধীৰ ৰঞ্জনে (2000 Rs Notes Withdrawing) । এক সংবাদমেল সম্বোধন কৰি লোকসভাৰ সাংসদ অধীৰ ৰঞ্জনে কয়, "পুনৰ হঠাতে তেওঁ (প্ৰধানমন্ত্ৰী মোডী) ২০০০ টকীয়া নোট প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ।" ইয়াৰ পিছত তেওঁ মোডীক সমালোচনা কৰিবলৈ গৈ আপত্তিজনক আৰু মৰ্যাদা হানিকৰ মন্তব্য কৰে (Adhir Ranjan slams PM Modi) ।

অধীৰ ৰঞ্জনে লগতে কয়, "দেশৰ অৰ্থনীতি ইতিমধ্যেই হ্ৰাস পাইছে আৰু পৰিস্থিতি অধিক শোচনীয় কৰি তুলিবলৈ তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰে পৰা আৰু বজাৰত ২০০০ টকীয়া নোটে কাম নকৰিব । এই চৰকাৰখনৰ বাবে মানুহ সম্পূৰ্ণৰূপে হতাশ হৈ পৰিছে । এতিয়া মানুহে মাত মাতিছে । তেওঁলোকে কৈছে যে সকলোৱে (ৰাজনৈতিক দল) তেওঁলোকৰ (বিজেপি) বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হ'ব লাগিব।" তেওঁ কয় ।

  • #WATCH | Murshidabad, West Bengal | While speaking on the issue of #Rs2000CurrencyNote, West Bengal Congress president and MP Adhir Ranjan Chowdhury gets abusive; says, "...he is not Modi but pagala Modi. People called him 'pagala Modi'..." (23.05.2023) pic.twitter.com/BCQyw0c8wL

    — ANI (@ANI) May 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (Reserve Bank of India) শুকুৰবাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় (RBI declared 2000 rs note ban) । অৱশ্যে লগতে কয় যে নোটবোৰ আইনী নিবিদা হিচাপে থাকিব । আৰবিআয়ে বেংকসমূহক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিবলৈও পৰামৰ্শ দিয়ে । অৱশ্যে আৰবিআয়ে প্ৰকাশ কৰিছে যে নাগৰিকসকলে তেওঁলোকৰ বেংক একাউণ্টত যিকোনো বেংকৰ শাখাত ২০০০ টকীয়া নোট জমা দিব পাৰিব বা ৩০ ছেপ্টেম্বৰলৈকে সেইবোৰ আন মূল্যৰ বেংক নোটলৈ ৰূপান্তৰ কৰিব পাৰিব ।

উল্লেখ্য যে আৰবিআয়ে ২০০০ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰৰ কথা ঘোষণাৰ পিছতে বিৰোধীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণ কৰিছে । কংগ্ৰেছ দলৰ নেতাসকলে বিষয়টোক লৈ চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :ED Raids : আপ সাংসদ সঞ্জয় সিঙৰ ঘনিষ্ঠৰ চৌহদত অভিযান ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.