ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মানুহৰ জীৱনতকৈ নিৰ্বাচনক অগ্ৰাধিকাৰ দিছে : মহাৰাষ্ট্ৰ কংগ্ৰেছ - দেৱেন্দ্ৰ ফাড়নাৱিছ

বুধবাৰে সাংবাদিকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত অভিযোগ উত্থাপন কৰে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা প টোলেয়ে ৷ জনসাধাৰণৰ জীৱনতকৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনক অগ্ৰাধিকাৰ দিয়া বুলি তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলীত মাস্ক পৰিধান নকৰি কি বাৰ্তা প্ৰেৰণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ৷

nana patole
নানা পাটোলে
author img

By

Published : Apr 15, 2021, 10:24 AM IST

নেশ্যনেল ডেস্ক,15 এপ্ৰিল : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ দলৰ সভাপতি নানা পাটোলেয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত অভিযোগ তুলি কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ নিৰ্বাচন শেষ হোৱাৰ পাচতহে কেন্দ্ৰীয়ভাৱে লকডাউন ঘোষণা কৰিব ৷ কিয়নো তেওঁ জনসাধাৰণৰ জীৱনতকৈ নিৰ্বাচনক অগ্ৰাধিকাৰ দি আছে ।

সাংবাদিকক সম্বোধন কৰি পটোলেয়ে কয় যে, ক’ৰণা সংক্ৰমণ সমগ্ৰ দেশতে তীব্ৰগতিত বিয়পি আছে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে ৰেলী অনুষ্ঠিত কৰাত ব্যস্ত হৈ আছে । পশ্চিমবংগৰ নিৰ্বাচন অন্ত পৰাৰ পাচতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত লকডাউন ঘোষণা কৰিব বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷

1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত সমগ্ৰ দেশতে প্ৰভাৱ পেলোৱা ক’ৰণাৰ দ্বিতীয় ঢৌ দ্ৰুতগতিত বিয়পি পৰিছে । অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে মাস্ক পৰিধান নকৰাকৈ বৃহৎ ৰেলী ভাগ লৈছে । তেওঁ পশ্চিম বংগত আনন্দেৰে প্ৰচাৰ চলাই আছে, কিন্তু যিসকল লোকে পীড়িত হৈ আছে তেওঁলোকক তেওঁলোকক চৰকাৰে উপেক্ষা কৰিছে । মোদীয়ে ৰেলীত মাস্ক পৰিধান নকৰি কি বাৰ্তা প্ৰেৰণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে পটোলেয়ে ৷

এমভিএ চৰকাৰৰ সাহাৰ্য পুঁজি সন্দৰ্ভত বিৰোধী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাৱিছৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পটোলেয়ে বিজেপি নেতাগৰাকীক ৰাজ্য চৰকাৰৰ পদক্ষেপক লৈ প্ৰয়োজন অবিহনেই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে,"যদি ফাড়নাৱিছৰ সঁচাকৈয়ে দিল্লীত কিছু প্ৰভাৱ থাকে, তেন্তে তেওঁ নিশ্চিত কৰিব লাগে যে মহাৰাষ্ট্ৰই ইয়াৰ প্ৰাপ্য মূল্য 90,000 কোটি টকাৰ জিএছটি আৰু অন্যান্য আঁচনি লাভ কৰিব" ৷

লগতে পঢ়ক : বিজেপি-আৰএছএছে য’লৈকে যায় তাতেই ঘৃণা বিয়পায় : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.