ETV Bharat / bharat

Opposition parties meeting : বেংগালুৰুত হ'বলগীয়া বিৰোধীৰ বৈঠকৰ পৰ্যালোচনা কংগ্ৰেছৰ

author img

By

Published : Jul 16, 2023, 10:50 AM IST

অহা ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'ব বিৰোধী দলৰ দ্বিতীয়খন বৈঠক । ২৪ টা মুখ্য ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব । কংগ্ৰেছৰ নেতাসকলে এই বৈঠকৰ প্ৰস্তুতিৰ বুজ লয় ।

Opposition parties meeting
বেংগালুৰুত হ'বলগীয়া বিৰোধীৰ বৈঠকৰ পৰ্যালোচনা কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক,১৬ জুলাই : বিহাৰৰ পাটনাৰ পাছত এইবাৰ কৰ্ণাটকৰ বেংগালুৰুত একত্ৰিত হ'ব দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ । ১৮ জুলাইত অনুষ্ঠিত হ'ব বিৰোধী দলসমূহৰ দ্বিতীয়খন বৈঠক । ইতিমধ্যে বৈঠকৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বৈঠকৰ প্ৰস্তুতি চাবলৈ কৰ্ণাটকত উপস্থিত হ'ল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এটা দল । দিল্লীৰ পৰা যোৱা কংগ্ৰেছৰ নেতাসকলে শনিবাৰে কৰ্ণাটকত উপস্থিত হৈ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল, ৰাজ্যিক ভাৰপ্ৰাপ্ত সুৰজেৱালা এই দলটোত আছিল ।

উল্লেখ্য যে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বেংগালুৰুৰ তাজ ৱেষ্টেণ্ডত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত নেতৃত্ব দিব আৰু মুঠ ২৪ টা মুখ্য ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব । বৈঠকৰ বাবে কংগ্ৰেছ, আপ, টিএমচি, ডিএমকে, জেডিইউ, এনচিপি, কেৰালা কংগ্ৰেছ(এম), কেৰালা কংগ্ৰেছ(জে), আৰএছপি, ফৰৱাৰ্ড ব্লক, ভিচিকে, এমডিএমকে, অকালি দল, এছপিকে ধৰি ২৪ টা দলক আমন্ত্ৰণ জনোৱা হৈছে ।

জানিব পৰা মতে বিজেপি বিৰোধী দলৰ কেৱল মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, বিৰোধী নেতা আৰু দলৰ সভাপতিসকলকহে বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে । আনকি সাংসদ আৰু বিধায়কসকলকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই । সূত্ৰৰ মতে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মুখ্যমন্ত্ৰী অশোক গেহলট, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেজস্বী যাদৱ, অখিলেশ সিং যাদৱ, শৰদ পাৱাৰৰ দৰে ৰাষ্ট্ৰীয় নেতাসকলে বৈঠকত অংশগ্ৰহণ কৰিব ।

বৈঠকখন কৰ্ণাটকত অনুষ্ঠিত হ'ব যদিও ৰাজ্যখনৰ অন্যতম বিৰোধী দল জেডিএছক আমন্ত্ৰণ জনোৱা হোৱা নাই । আনকি বিহাৰৰ পাটনাত অনুষ্ঠিত প্ৰথমখন বৈঠকলৈও জেডিএছক আমন্ত্ৰণ জনোৱা হোৱা নাছিল ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ১৯ জুলাইত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰিছে আৰু এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

বেংগালুৰুৰ এখন ব্যক্তিগত হোটেলত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ'ব । য'ত তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিব । কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু বিজেপিক পৰাস্ত কৰিবলৈ বিভিন্ন ৰণনীতিৰ বিষয়ে আলোচনা কৰিব । ইয়াৰ অংশ হিচাপে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ১৯ জুলাইত বেংগালুৰুত আন এখন বৈঠকৰ আহ্বান কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Modi surname case: গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.