ETV Bharat / bharat

তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক সাক্ষাৎ কংগ্ৰেছ নেতা সুবল ভৌমিকৰ

author img

By

Published : Jul 29, 2021, 7:55 PM IST

পশ্চিম ত্ৰিপুৰা কংগ্ৰেছ সভাপতি সুবল ভৌমিকক ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ নতুন ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা ৷ তৃণমূল কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰে এই কথা ৷

Congress leader Subal Bhowmik meets TMC delegation, likely to be party's face in Tripura
তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক সাক্ষাৎ কংগ্ৰেছ নেতা সুবল ভৌমিকৰ

আগৰতলা, 29 জুলাই : পশ্চিম ত্ৰিপুৰা কংগ্ৰেছ সভাপতি সুবল ভৌমিকে (Congress president from West Tripura parliamentary constituency Subal Bhowmik) বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছ (Trinamool Congress)ৰ তিনিজনীয়া প্ৰতিনিধি দলক সাক্ষাৎ কৰে । তৃণমূল কংগ্ৰেছৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি ভৌমিকক ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ নতুন ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে । অৱশ্যে কংগ্ৰেছ নেতাগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক সাক্ষাৎ কৰি হোটেলৰ পৰা ওলাই অহাৰ সময়ত ৰাজনৈতিক উদ্দেশ্যত নহয়, পুৰণি সৌহাৰ্দপূৰ্ণ সম্পৰ্কতহে তেওঁলোকক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ তৃণমূল কংগ্ৰেছৰ নেতাকেইগৰাকীৰ লগত নৈমিত্তিক আলোচনা কৰাৰহে কথা উল্লেখ কৰে ৷

উল্লেখ্য যে, ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ এনে সময়তে শেহতীয়াকৈ পশ্চিম ত্ৰিপুৰা সংসদীয় সমষ্টিৰ পৰা পৰাজিত কংগ্ৰেছ সভাপতি সুবল ভৌমিকে বৃহস্পতিবাৰে হোটেল প’ল টাৱাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক সাক্ষাৎ কৰে । ভৌমিকে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক সাক্ষাৎ কৰাৰ আঁৰত তেওঁ দলটোক যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।

লগতে পঢ়ক : মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ

আনহাতে, কংগ্ৰেছ সভাপতিগৰাকীয়ে এই সম্ভাৱনাক প্ৰত্যাখ্যান কৰে ৷ তেওঁ হোটেলৰ পৰা ওলাই অহাৰ সময়ত সংবাদ মাধ্যমৰ আগত তৃণমূল কংগ্ৰেছৰ নেতাসকলৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে সাক্ষাৎ কৰাৰ কথা ব্যক্ত কৰে ৷ এই সাক্ষাতত কোনো ৰাজনৈতিক উদ্দেশ্য নাই । মালয় দা মোৰ এজন ভাল বন্ধু আৰু আমি কেইবাটাও বিষয়ত সাক্ষাৎ কৰিছিলো আৰু নৈমিত্তিক আলোচনাত মিলিত হৈছিলো ৷

আনহাতে তৃণমূল কংগ্ৰেছৰ এটা সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, সুবিৰ ভৌমিকৰ দৰে তৃণমূল কংগ্ৰেছে দলৰ কাম-কাজত অসন্তুষ্ট আন কিছুমান নেতাৰ সৈতেও আলোচনা কৰি আছে ৷ তৃণমূল কংগ্ৰেছে বিৰোধীসকলক দলত স্থান দি দলটো শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে ৷ ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি (BJP)য়ে গ্ৰহণ কৰা ৰণনীতিকে এইবাৰ দলটোৱে অনুসৰণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.