নিউজ ডেস্ক, 25 অক্টোবৰ : উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰিশ ৰাৱটৰ বাহন দুৰ্ঘটনা ৷ মঙলবাৰে নিশা বাজপুৰত দুৰ্ঘটনাত পতিত হয় কংগ্ৰেছ নেতা ৰাৱটৰ বাহনখন । ফলত চালকসহ ৰাৱট আহত হয় ৷ জানিব পৰা মতে, মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱটে হালদৱানীত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানৰ পৰা কাশীপুৰলৈ গৈ আছিল । তেনে সময়তে বাজপুৰতএই দুৰ্ঘটনা সংঘটিত হয় ৷
আনহাতে স্থনীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনাত আহত কংগ্ৰেছ নেতাগৰাকীক প্ৰথমে বাজপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয় ৷ উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত কাশীপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কংগ্ৰেছ নেতাগৰাকীক ৷ বৰ্তমান ৰাৱটৰ স্বাস্থ্যৰ অৱস্থা বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷
পথ দুৰ্ঘটনাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱটে সংবাদমাধ্যমৰ আগত কয় যে, ‘‘বিবাহ অনুষ্ঠানৰ পৰা ওভতি আহি আছিলো ৷ কিন্তু চালকৰ ভুলৰ বাবে পথৰ ডিভাইডাৰত খুন্দা মাৰে বাহখনে ৷ হাতত আৰু বুকুত দুখ পালো ৷’’
হৰিশ ৰাৱটে পুনৰ কয় যে, বাহনখনত 5 জনকৈ লোক আছিল । ঘটনাটোৰ সময়ত বাহনখনৰ গতি আছিল 80 বা তাতকৈ কম । দুৰ্ঘটনাটোত চালকসহ বাহনখনত থকা 5জনকৈ লোক আহত হৈছে ।
স্থানীয় লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৰাৱটে কয়, ‘‘মই কংগ্ৰেছ নেতা ৷ সেয়েহে মোক এছকৰ্টৰ সুবিধা দিয়া নাই । কিন্তু স্থানীয় লোক আৰু চিকিৎসকসকৰ চেষ্টাৰ বাবে মোৰ প্ৰাণ ৰক্ষা পৰিল ৷ ভগৱানৰ কৃপাত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিলো ৷’’
লগতে পঢ়ক:One Nation One Election : এক ৰাষ্ট্ৰ এক নিৰ্বাচন; আইন আয়োগে কোবিন্দ পেনেলক দিব ৰোডমেপ