ETV Bharat / bharat

Congress hoists tricolor in Srinagar: ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত 21 টা ৰাজনৈতিক দলৰ অংশগ্ৰহণ - অন্ত পৰিল ভাৰত জোড়ো যাত্ৰাৰ

শ্ৰীনগৰস্থিত কংগ্ৰেছৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৷ দেওবাৰে সামৰণি পৰে কংগ্ৰেছৰ নেতৃত্বত দেশ জুৰি চলা ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra culmination) ৷

Bharat Jodo Yatra culminate
অন্ত পৰিল ভাৰত জোড়ো যাত্ৰাৰ
author img

By

Published : Jan 30, 2023, 1:31 PM IST

Updated : Jan 30, 2023, 5:36 PM IST

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে সোমবাৰে শ্ৰীনগৰস্থিত কংগ্ৰেছৰ কাৰ্যালয়ত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা (Congress hoists tricolor at Srinagar party office) ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত চৌদিশে বাজি উঠিছিল ৰাষ্ট্ৰীয় সংগীত ৷ লগতে চৌপাশ সুশোভিত হৈ পৰিছিল হিম প্ৰবাহেৰে ৷ 7 ছেপ্তেম্বৰৰ দিনা সমগ্ৰ দেশ জুৰি কংগ্ৰেছৰ উদ্যোগত আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰাৰ (Bharat jodo yatra ) ৷

সমগ্ৰ দেশজুৰি চলা 136 দিনীয়া পদযাত্ৰাৰ সময়ছোৱাত দলটোলৈ আকুণ্ঠ মৰম আৰু সমৰ্থন আগবঢ়োৱা প্ৰতিগৰাকীলৈ দলটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ গান্ধী ভাতৃ-ভগ্নীদ্বয়ে কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিচত মৌলানা আজাদ ৰোডত আন এক পতাকা উত্তোলনৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে আন কেইবাজনো দলৰ নেতৃত্বই যোগদান কৰে এই পতাকা উত্তোলন কাৰ্যসূচীত ৷ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মৌলানা আজাদ ৰোডত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা (Congress president Mallikarjun Kharge) ৷

এই অনুষ্ঠানৰ বাবে শ্ৰী নগৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয় । লাল চ’কত যান-বাহনৰ যাতায়তৰ ক্ষেত্ৰত জাৰি কৰা হৈছিল নিষেধাজ্ঞা ৷ স্থানীয় প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত যান-বাহনৰ যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত সৰ্বসাধাৰণ ৰাইজে কৰ্মস্থলীলৈ যোৱাৰ ক্ষেত্ৰত কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এক কিলোমিটাৰ বা তাতোকৈ অধিক দূৰত্ব খোজ কাঢ়ি যাবলগীয়া হৈছিল কৰ্মস্থলীলৈ ৷

উল্লেখ্য যে, নিৰ্ধাৰিত দিনৰ এদিন পূৰ্বেই সামৰণি পৰে কংগ্ৰেছৰ নেতৃত্বত চলা ভাৰত জোড়ো যাত্ৰাৰ ৷ লাল চ’কৰ আইকনিক ঘড়ী টাৱাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সামৰণি ঘোষণা কৰিছিল দেওবাৰে (Rahul Gandhi hoisted the Tricolour at Lal Chowk) ৷

কংগ্ৰেছ দলৰ নেতৃত্বত চলা এই ভাৰত জোড়ো যাত্ৰাই ১২খন ৰাজ্য, আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ৩,৯৭০ কিলোমিটাৰ সামৰি লোৱা বুলি জানিবলৈ পৰা গৈছে । শ্বেৰ-ই-কাশ্মীৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠান ৷ সামৰণি অনুষ্ঠানৰ বাবে কংগ্ৰেছে ২১ টা ৰাজনৈতিক দলক আমন্ত্ৰণ জনাইছে বুলি দলটোৱে জানিবলৈ দিয়ে । উল্লেখ্য যে, দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পোন প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ লাল চ’কত উত্তোলন কৰিছিল দেশৰ ৰাষ্ট্ৰীয় পতাকা ৷

লগতে পঢ়ক : Congress AIUDF alliance: কংগ্ৰেছ এ আই ইউ ডি এফক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষৰ

Last Updated : Jan 30, 2023, 5:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.