ETV Bharat / bharat

Sambit Patra: নক্সালবাদীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছে ভূপেশ বাঘেল চৰকাৰে; বিজেপি

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:59 PM IST

ছত্তিশগড় কংগ্ৰেছৰ বিৰুদ্ধে 400 পৃষ্ঠাৰ অভিযোগ পত্ৰ দাখিল কৰিছে বিজেপিয়ে ৷ ভূপেশ বাঘেল চৰকাৰৰ বিৰুদ্ধে অভিযোগ পত্ৰ প্ৰকাশ কৰি সংবাদমেল সম্বোধন বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰৰ ৷ ছত্তিশগড় চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণত বাধা দিয়াৰো অভিযোগ ৷

Sambit Patra
Sambit Patra

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: কংগ্ৰেছৰ বিৰুদ্ধে ছত্তিশগড়ত নক্সালবাদীৰ সৈতে সহযোগিতা কৰা আৰু ভাৰত চৰকাৰৰ আঁচনি ৰূপায়ণত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই (Sambit Patra)৷

কংগ্ৰেছ নেতৃত্বাধীন ছত্তিশগড় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰি পাত্ৰই ‘কাঠগড়াক কংগ্ৰেছ’ শীৰ্ষক 400 পৃষ্ঠাৰ অভিযোগৰ নামা (চাৰ্জশ্বীট) মুকলি কৰে ৷ দিল্লীত সংবাদমেল সম্বোধন কৰি পাত্ৰই মুখ্যমন্ত্ৰী ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক নক্সালবাদীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে ৷

  • मोदी सरकार ने नक्सलवाद को समाप्त करने का काम किया। लेकिन नक्सलियों को बढ़ावा और नक्सलियों के माध्यम से भाजपा कार्यकर्ताओं की हत्या भी छत्तीसगढ़ सरकार ने करवाई है।

    कांग्रेस सरकार नक्सलियों के साथ कदम से कदम मिलाकर चल रही है। pic.twitter.com/JOil8iF3A1

    — Sambit Patra (@sambitswaraj) September 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘‘কংগ্ৰেছ চৰকাৰে ছত্তিশগড়ত নক্সালবাদীৰ সৈতে হাত মিলাই আগবাঢ়িছে ৷ প্ৰধানমন্ত্ৰী মোদীজীয়ে নক্সালবাদী সন্ত্ৰাস নিৰ্মূল কৰিবলৈ কাম কৰিছে... কিন্তু ছত্তিশগড় চৰকাৰে নক্সালবাদক সমৰ্থন কৰিছে আৰু আনকি ৰাজ্যখনত বিজেপি কৰ্মীসকলক হত্যা কৰিবলৈও ব্যৱহাৰ কৰিছে,’’ পাত্ৰই এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় ৷ তেওঁ অভিযোগ কৰে যে ৰাজ্য চৰকাৰে 16 লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত কৰিছে ৷

‘‘তেওঁলোকে (কংগ্ৰেছ চৰকাৰ) ছত্তিশগড়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণত বাধা দিছে ৷ কংগ্ৰেছে ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ বিৰুদ্ধে থিয় দিছে ৷ তেওঁলোকে ছত্তিশগড়ৰ লোকসকলক বিশ্বাসঘাতকতা কৰিছে । বিজেপিয়ে অনা ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ উদ্দেশ্য সমাজধ্বংস কৰা নাছিল, ইয়াৰ উদ্দেশ্য আছিল আমাৰ জনজাতীয় লোকসকল, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ মূল্যবোধ সংৰক্ষণ কৰা,’’ পাত্ৰই লগতে কয় ৷

‘‘পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতিৰ ঢোল বজাবলৈ আৰম্ভ কৰিছে । আজি আমি তেওঁলোকৰ চৰিত্ৰ দেখুৱাইছো ৷ মই 400 পৃষ্ঠাৰ এই অভিযোগ পত্ৰ প্ৰকাশ কৰিছো ৷ ৰাহুল গান্ধীয়ে 316 টা প্ৰতিশ্ৰুতি দিছে যিবোৰ কংগ্ৰেছ চৰকাৰে ছত্তিশগড়ত পূৰণ কৰা নাই,’’ তেওঁ আৰু কয় ৷

‘‘প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলৰ বাবে প্ৰতি বছৰে কিষাণ সন্মান নিধি যোজনা নামৰ 6000 টকা লাভ কৰাৰ আঁচনি আৰম্ভ কৰিছিল ৷ ছত্তিশগড়ৰ পৰা লাখ লাখ কৃষকে পঞ্জীয়ন কৰিছে কিন্তু তেওঁলোকৰ প্ৰমাণীকৰণ ৰাজ্য চৰকাৰে কৰা নাই, সেয়েহে আজি লাখ লাখ কৃষক এই আঁচনিৰ পৰা বঞ্চিত হৈছে,’’ পাত্ৰই লগতে কয় ৷ মোদীজীয়ে দিব বিচাৰে আৰু কৃষকসকলে ল'ব বিচাৰে কিন্তু কংগ্ৰেছে বাধা দিয়ে ৷ এই কেলেংকাৰী কৰিছে চৰকাৰে- অভিযোগ পাত্ৰৰ ৷

‘‘পাত্ৰই ছত্তিশগড়ৰ কংগ্ৰেছ চৰকাৰৰ অধীনত হোৱা কেলেংকাৰীৰ কথা উল্লেখ কৰি ক’ভিডৰ সময়ত সংগ্ৰহ কৰা অত্যাধিক কৰৰ কথাও উল্লেখ কৰে ৷ ‘‘ছত্তিশগড়ত কংগ্ৰেছ চৰকাৰৰ অধীনত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ৷ ৰাজ্যখনত কংগ্ৰেছ চৰকাৰৰ অধীনত খনি মাফিয়া আৰু অপৰাধীসকলক বিনামূলীয়াকৈ চলাবলৈ দিয়া হয় ৷ ছত্তিশগড়ত কংগ্ৰেছ চৰকাৰৰ অধীনত কেইবাটাও ধৰ্ষণৰ ঘটনাত কোনো ব্যৱস্থা লোৱা হোৱা নাই,’’ সম্বিত পাত্ৰই কয় ৷

লগতে পঢ়ক: PM at Rozgar Mela : প্ৰযুক্তিয়ে চৰকাৰী আঁচনিৰ দুৰ্নীতি নিয়ন্ত্ৰণ কৰিছে; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.