ETV Bharat / bharat

Congress New Social Media Strategy : ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন; কংগ্ৰেছৰ সামাজিক মাধ্যমৰ নতুন ৰণনীতি গ্ৰহণ

author img

By

Published : Jul 14, 2023, 7:25 PM IST

কংগ্ৰেছে বুথ পৰ্যায়ৰ দল গঠন কৰিব, যিয়ে হোৱাটছএপ আৰু অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সঠিক ব্যৱহাৰ কৰিব । বিজেপিক তথ্যৰে প্ৰতিহত কৰিবলৈ উক্ত ৰাজ্যবোৰত সবাতোকৈ পুৰণি দলটোৰ সমাজ কল্যাণৰ গেৰাণ্টিৰ ওপৰত আলোকপাত কৰিব ।

Congress New Social Media Strategy
Congress New Social Media Strategy

নিউজ ডেস্ক, ১৪ জুলাই : চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন । শেহতীয়াভাৱে কৰ্ণাটকত শাসনৰ বাঘজৰী দখলৰ পিছত কংগ্ৰেছৰ দৃষ্টি এতিয়া এই ৰাজ্যকেইখনৰ ওপৰত । তাৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত কংগ্ৰেছ । ইয়াৰে অংশ হিচাপে কংগ্ৰেছে পাঁচখন ৰাজ্যত আগন্তুক নিৰ্বাচনৰ বাবে এক নতুন সামাজিক মাধ্যমৰ ৰণনীতি পৰিকল্পনা কৰিছে । ইয়াৰ দ্বাৰা ভাৰতৰ ৰাজনীতিৰ সবাতোকৈ পুৰণি দলটোৱে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব বুলি আশা কৰিছে । দলটোৰ ভিতৰুৱা সূত্ৰ মতে, বিগত কেইমাহমান ধৰি দলটোৱে সামাজিক মাধ্যমত সক্ৰিয়তা বৃদ্ধি কৰিছে আৰু এপ্ৰিল মাহক বাদ দি জানুৱাৰী মাহৰ পৰা টুইটাৰ, ফেচবুক আৰু ইউটিউবত বিজেপিতকৈ আগবাঢ়ি আছে ।

চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামত অনুষ্ঠিত হ'বলগীয়া পাঁচখন ৰাজ্যৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ । কিয়নো এই প্ৰতিদ্বন্দ্বিতাৰ পিছতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । এই পাঁচখন ৰাজ্যৰ ভিতৰত কংগ্ৰেছে তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ বিৰুদ্ধে প্ৰত্যক্ষ যুঁজত অৱতীৰ্ণ হ'ব । এই তিনিখন ৰাজ্যৰ ভিতৰত বিজেপিয়ে মধ্যপ্ৰদেশত শাসন ক্ষমতাত আছে । আনহাতে, আন দুখন ৰাজ্য বৰ্তমান কংগ্ৰেছৰ দখলত ।

ইনষ্টাগ্ৰামত কংগ্ৰেছ বৰ্তমান বিজেপিৰ সমকক্ষ হৈ আছে । কিন্তু পৰৱৰ্তী সময়ত পাঁচখন ৰাজ্যৰ নিৰ্বাচনত গেৰুৱা দলটোক অতিক্ৰম কৰিব বুলি আশা কৰিছে । অৱশ্যে কংগ্ৰেছৰ বাবে প্ৰকৃত চিন্তা হৈছে হোৱাটছএপ, য'ত দলটোৱে অধিক মনোনিৱেশ কৰি আছে । পৰিকল্পনাৰ অংশ হিচাপে কংগ্ৰেছে বুথ পৰ্যায়ৰ দল গঠন কৰিব, যিয়ে হোৱাটছএপ গ্ৰুপবোৰৰ সঠিক ব্যৱহাৰ কৰিব । আনহাতে, তথ্য আৰু পৰিসংখ্যাৰে বিজেপিক প্ৰতিহত কৰিবলৈ অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিব । একে সময়তে এই দলবোৰে সংশ্লিষ্ট ৰাজ্যসমূহত কংগ্ৰেছৰ সমাজ কল্যাণৰ গেৰাণ্টিৰ ওপৰত আলোকপাত কৰিব ।

এই কথা মনত ৰাখিয়ে কংগ্ৰেছে এআইচিচিৰ ছ'চিয়েল মিডিয়া দলবোৰৰ মাজত অধিক সমন্বয় নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে বিগত বছৰত সুপ্ৰিয়া শ্ৰীনেটৰ নেতৃত্বত এই দলবোৰ অধিক আক্ৰমণাত্মক হৈ আছে আৰু ৰাজ্যিক গ্ৰুপবোৰৰ মাজত দলীয় প্ৰচাৰৰ প্ৰভাৱ সৰ্বাধিক কৰাৰ বাবে চিন্তা কৰি আছে । "এই নিৰ্বাচনমুখী ৰাজ্যসমূহত আমাৰ কথা কেনেদৰে অধিক প্ৰচাৰ কৰিব পাৰি সেই বিষয়ে বহুতো বিষয় আলোচনা কৰা হৈছে । দুখন ৰাজ্যত আমাৰ চৰকাৰ আছে । সেয়েহে আমি কেনেকৈ এই দুখন ৰাজ্যত সংগঠন আৰু চৰকাৰৰ মাজত মসৃণ সমন্বয় নিশ্চিত কৰিম আৰু যোগাযোগ আৰু সামাজিক মাধ্যমৰ দৃষ্টিৰে পিচিচি আৰু এআইচিচিৰ মাজত সঠিক সমন্বয় কেনেদৰে নিশ্চিত কৰিম সেই সন্দৰ্ভত চিন্তা-চৰ্চা চলি আছে ।" কংগ্ৰেছৰ সংবাদ মাধ্যমৰ মুৰব্বী পৱন খেৰাই ইটিভি ভাৰতক কয় ।

আনহাতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বছৰ অনুষ্ঠিত হ'বলগীয়া পাঁচখন ৰাজ্যৰ নিৰ্বাচনে কংগ্ৰেছক ইয়াৰ সামাজিক মাধ্যমৰ ৰণনীতি অধিক পৰীক্ষা কৰিবলৈ আৰু প্ৰয়োজন হ'লে কিছু সংশোধনৰ বাবে সুযোগ দিব । কৰ্ণাটকৰ প্ৰাক্তন বিজেপি চৰকাৰৰ বিৰুদ্ধে '৪০ শতাংশ কমিছন চৰকাৰ' অভিযানৰ দৰেই কংগ্ৰেছে দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰিবলৈ মধ্যপ্ৰদেশত গেৰুৱা দলটোৰ বিৰুদ্ধে '৫০ শতাংশ কমিছন চৰকাৰ' শৃংখলা আৰম্ভ কৰিব ।

লগতে পঢ়ক :Lathi Charge on Bihar BJP workers : আৰক্ষীৰ লাঠিচালনাক লৈ নিমাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.