ETV Bharat / bharat

মোডী চৰকাৰে উত্তৰ-পূৱক বিশৃংখলতাৰ ফালে ঠেলি দিছে: কংগ্ৰেছ - গৃহমন্ত্ৰী অমিত শ্বাহ

উত্তৰ-পূৱত সৃষ্টি হোৱা বিশৃংখল পৰিস্থিতিৰ বাবে মোডী চৰকাৰক জগৰীয়া কৰিলে কংগ্ৰেছে ৷ সীমান্তত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি আৰু অনিয়ন্ত্ৰিত নিয়মে উত্তৰ-পূৱৰ বৃহৎ অংশক ক্ষতিগ্ৰস্ত কৰিছে বুলি মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক(Congress General Secretary) তথা মুখ্য মুখপাত্ৰ ৰণদীপ সিং সুৰ্জেৱালা(Randeep Singh Surjewala)ৰ ৷ সুৰ্জেৱালাৰ অভিযোগ আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ(Home Minister Amit Shah) ৷

Randeep Singh Surjewala
Randeep Singh Surjewala
author img

By

Published : Aug 19, 2021, 8:10 AM IST

নেশ্যনেল ডেস্ক, 19 আগষ্ট : শেহতীয়াকৈ সংঘটিত গুলীচালনাৰ ঘটনাৰ পাচত অসম আৰু মিজোৰাম সীমান্ত(Assam-Mizoram border)ত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰাৰ মাজতে সমগ্ৰ ঘটনাৰ বাবে কংগ্ৰেছ(Congress)এ মোডী চৰকাৰ(Modi Government)ক জগৰীয়া কৰিছে ৷ কংগ্ৰেছৰ অভিযোগ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ(BJP-led Central Government) উত্তৰ-পূৱ(Northeast)ত বৰ্তমান বিৰাজ কৰা বিশৃংখল পৰিস্থিতিৰ বাবে মূলতঃ জগৰীয়া ৷

সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক(Congress General Secretary) তথা মুখ্য মুখপাত্ৰ ৰণদীপ সিং সুৰ্জেৱালা(Randeep Singh Surjewala)ই কয়, "অনিশ্চয়তা, সংঘৰ্ষ, হিংসাত্মক ঘটনা আৰু অনিয়ন্ত্ৰিত নিয়মে ভাৰতৰ উত্তৰ-পূৱৰ এক বৃহৎ অংশক ক্ষতিগ্ৰস্ত কৰিছে ৷ সমগ্ৰ ঘটনা এতিয়া ভয়াবহ অৱস্থাৰো অধিক দূৰলৈ গতি কৰিছে ৷ আইন-শৃংখলা তথা সাংবিধানিক গাঁথনি ভাঙি উত্তৰ-পূৱৰ একাধিক ৰাজ্যক সম্প্ৰতি অনিয়মৰ এক চক্ৰৰ মাজলৈ ঠেলি দিয়া হৈছে " ৷

লগতে পঢ়ক : এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

উত্তৰ-পূৰ্বাঞ্চলত কি ঘটি আছে সেই সন্দৰ্ভত বিজেপি চৰকাৰ সম্পূৰ্ণ অজ্ঞ বুলি অভিযোগ উত্থাপন কৰি সুৰ্জেৱালাই এয়া অতি দুখজনক আৰু আচৰিত কথা বুলি মন্তব্য কৰে ৷

দেশত কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে সেই কথা চিন্তা নকৰাকৈ উত্তৰ-পূৱৰ বহু ৰাজ্যত প্ৰায় বিভাজনমূলকভাৱে ক্ষমতা দখল(divisive usurpation of power) কৰাৰ লগতে অবৈধভাৱে গঠিত চৰকাৰসমূহক আৱদ্ধ কৰি ৰখাৰ বাবে বিজেপিৰ যি অন্ধ কামনা তাৰেই ফলশ্ৰুতি চৰকাৰৰ উদাসীন মনোভাৱ বুলিও সুৰ্জেৱালাই অভিযোগ উত্থাপন কৰে ৷ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয় যে, সাংবিধানিক কৰ্তব্য ত্যাগ(abdication of constitutional duties) কৰা, পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ব্যৰ্থতা তথা বৰ্তমানৰ আইন-শৃংখলাজনিত পৰিস্থিতি সকলোবোৰ দেশৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আঞ্চলিক অখণ্ডতা(National interest and territorial integrity)ৰ বিপৰীতে গৈছে ৷

লগতে পঢ়ক : উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ(Home Minister Amit Shah)ৰ ফালৰ পৰা দায়িত্ব পালনত সম্পূৰ্ণ বিফলতা দেখা গৈছে বুলি অভিযোগ কৰি সুৰ্জেৱালাই কয় যে, ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতা( India's internal security and territorial integrity)ৰ সৈতে আপোচ কৰাৰ বাবে মোডী চৰকাৰ দোষী ৷ যিহেতু সমগ্ৰ দায়িত্ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ, গতিকে তেওঁলোকে ৰাষ্ট্ৰক উত্তৰ দিব লাগিব ৷

NSCN(I-M)এ নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবি(Nagaland governor R N Ravi)ক কেন্দ্ৰৰ মধ্যস্থতাকাৰী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি উল্লেখ কৰি সংবিধানৰ চাৰিকোণৰ বাহিৰত গৈ মোডী চৰকাৰে তেওঁলোকৰ সৈতে অংশীদাৰী সাৰ্বভৌমত্ব(shared sovereignty)ৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে বুলি সুৰ্জেৱালাই অভিযোগ কৰে ৷

লগতে পঢ়ক : মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.