ETV Bharat / bharat

Chhattisgarh Election 2023 : মাওবাদী অধ্যুষিত অঞ্চলত দলীয় কৰ্মীক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:09 PM IST

৭ নৱেম্বৰত ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । মাওবাদী প্ৰভাৱিত বস্তাৰ অঞ্চলত থকা ২০ খন বিধানসভা আসনৰ ওপৰত দৃষ্টি ৰাখিছে কংগ্ৰেছে । দলীয় কৰ্মীক সতৰ্কতা অৱলম্বন পৰামৰ্শ শীৰ্ষ নেতৃত্বৰ ।

Chhattisgarh Election 2023
মাওবাদী অধ্যুষিত অঞ্চলত দলীয় কৰ্মীক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : ছত্তীশগড়ত মঙলবাৰে অৰ্থাৎ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে সোমবাৰে কংগ্ৰেছে ছত্তীশগড়ত ভোটদানৰ দিনটোক লৈ বিশেষ ৰণনীতি পৰ্যালোচনা কৰিছে । কংগ্ৰেছে বুথ পৰ্যায়ৰ দলসমূহক সতৰ্কতা অৱলম্বন কৰাৰ লগতে সৰ্বাধিক ভোটদান নিশ্চিত কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে মাওবাদী প্ৰভাৱিত বস্তাৰ অঞ্চলত থকা ২০ খন বিধানসভা আসনত ৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ২০১৮ চনৰ নিৰ্বাচনত বস্তাৰ অঞ্চলৰ ২০ খন আসনৰ ভিতৰত ১১ খন আসন লাভ কৰা কংগ্ৰেছে এইবাৰো সেই নিৰ্বাচনৰ পুনৰাবৃত্তি কৰিবলৈ আগ্ৰহী ।

দলীয় সূত্ৰৰ মতে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰতিনিধিসকলক ৭ নৱেম্বৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হৈছে । লগতে, দলৰ শীৰ্ষ নেতৃত্বই বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰতিদ্বন্দী বিজেপিৰ যিকোনো দুষ্কাৰ্য্যৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু ভোটাৰসকলক সজাগ কৰিবলৈ আহ্বান জনাইছে । ছত্তীশগড়ৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সচিব সপ্তগিৰি উলাকাই দাবী কৰা মতে বিজেপি প্ৰতিযোগিতাত নাই যদিও দলীয় কৰ্মীসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে । নেতাগৰাকীয়ে ইটিভি ভাৰতক কোৱা মতে ভোটগ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত হোৱা নিশ্চিত কৰিবলৈ প্ৰাৰ্থী আৰু স্থানীয় সংগঠনসমূহৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিব ।

দলৰ ভিতৰুৱা সূত্ৰৰ মতে বস্তাৰত কংগ্ৰেছৰ প্ৰাৰম্ভিক লক্ষ্য আছিল ৬ খন আসন । যাৰ বাবে স্থানীয় বুথ পৰ্যায়ৰ সংগঠনবোৰক ভোটদানৰ দিনটোৰ বাবে পুনৰ গঠন আৰু প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । লগতে, দলীয় কৰ্মীসকলক বস্তাৰৰ মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈও কোৱা হৈছিল ।

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দলৰ বিধায়কসকলৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী কাৰ্যকলাপৰ ওপৰতো জৰীপ চলোৱা হৈছিল । পাছত কেইজনমান বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰা হৈছিল আৰু নতুন মুখক সুযোগ দিয়া হৈছিল ।

নেতাগৰাকীৰ মতে কংগ্ৰেছ শাসনলৈ অহাৰ পাছত ১,৭০০ গৰাকী জনজাতীয় লোকক মুকলি কৰি দিয়া হৈছিল । যিসকল পূৰ্বৰ ৰমন সিং চৰকাৰৰ সময়ত মিছা গোচৰত জড়িত আছিল । আনহাতে শিক্ষা, স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে লোৱা পদক্ষেপৰ বিষয়েও নেতাগৰাকীয়ে বৰ্ণনা কৰে ।

উলাকাৰ মতে কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিব । কিন্তু বস্তাৰ অঞ্চলটোত কংগ্ৰেছে কিমানখন আসন লাভ কৰিব সেয়াহে গুৰুত্বপূৰ্ণ হ'ব । তেওঁ দাবী কৰা মতে কংগ্ৰেছৰ হাতত আসন সংখ্যা ভাল থাকে তেনেহ'লে বিজেপিৰ হৰ্ছ ট্ৰেডিঙে কোনো কাম নিদিব । তেওঁ দাবী কৰা মতে কৃষকসকলৰ বাবে ঘোষণা কৰা চৰকাৰৰ আঁচনিৰ বাবে ইতিমধ্যে বিজেপি এৰি কংগ্ৰেছক সমৰ্থন কৰিছে বহু লোকে ।

লগতে পঢ়ক :Delhi High Court : কেজৰিৱালৰ পত্নীলৈ জাৰি কৰা চমন স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.