ETV Bharat / bharat

শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA : অমিত শ্বাহ

author img

By

Published : May 10, 2022, 2:19 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত অমিত শ্বাহ (Amit Shah in Guwahati)। মঙলবাৰে অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি AFSPA সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্বাহে । তেওঁৰ মতে সমগ্ৰ অসম AFSPAৰ পৰা মুক্ত হ'ব ।

AFSPA
শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA

গুৱাহাটী, ১০ মে' : সমগ্ৰ অসমৰ পৰাই অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা হ'ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) । গুৱাহাটীত এই ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah in Guwahati)। দুদিনীয়া ভ্ৰমণসূচীৰ অন্তিম দিনটোত গৃহমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি AFSPA সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Amit Shah on AFSPA)।

মন্ত্ৰীগৰাকীয়ে কোৱা মতে উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শান্তি আলোচনা চলি থকাৰ মাজতে অসমত AFSPA আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে । সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ২৩ খন জিলাৰ পৰা আৰু আংশিকভাৱে এখন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল । তেওঁ নিশ্চিত যে অতি শীঘ্ৰে বাকী থকা অঞ্চলবোৰৰ পৰাও এই আইন প্ৰত্যাহাৰ কৰা হ'ব (AFSPA to be revoked from Assam)।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে কেন্দ্ৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ ফলতে বেছিভাগ উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিৰ বাবে আগবাঢ়ি আহিছে । অতি শীঘ্ৰে সমগ্ৰ ৰাজ্যখন বিদ্ৰোহ আৰু হিংসাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব বুলিও তেওঁ আশাবাদী ।

ভাষণ প্ৰসংগত গৃহমন্ত্ৰীয়ে কয় যে যিসকলে আত্মসমৰ্পণ কৰিছে বা মূলসুঁতিলৈ ঘূৰি আহিছে তেওঁলোকক কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰে পুনৰ সংস্থাপিত কৰিছে । অসম আৰক্ষীক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষীৰ এক গৌৰৱময় ইতিহাস আছে । তেওঁৰ মতে ৰাজ্যখনৰ বিভিন্ন বিদ্ৰোহ, সীমান্ত সমস্যা, অস্ত্ৰ, ড্ৰাগছ আৰু গৰুৰ চোৰাং ব্যৱসায়, গঁড়ৰ চোৰাং চিকাৰ আৰু যাদু বিদ্যাৰ দৰে সামাজিক সমস্যাৰ সফলতাৰে মোকাবিলা কৰি দেশৰ অন্যতম আৰক্ষী বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিছে অসম আৰক্ষী । তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতিৰ কালাৰছ সন্মানৰ বাবে যোগ্য অসম আৰক্ষী ।

উল্লেখ্য যে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে । ৰাষ্ট্ৰপতি এই নিচানত অসমৰ মানচিত্ৰ আৰু ৰাজ্যখনৰ জিলাসমূহক প্ৰতিনিধিত্ব কৰা ৩৬ টা চিহ্ন, এখিঙীয়া গঁড় আৰু মূলমন্ত্ৰৰ সৈতে অসম আৰক্ষীৰ চিহ্ন থাকিব । অসম হৈছে ৰাষ্ট্ৰপতিৰ কালাৰছ সন্মান লাভ কৰা দেশৰ দশম ৰাজ্য ।

লগতে পঢ়ক :ভাৰত-বাংলা সীমান্তত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰ : গৃহমন্ত্ৰীৰ উদ্যোগত গঠন হ'ব বিশেষ টাস্ক ফ'ৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.