ETV Bharat / bharat

New parliament row : কেজৰিৱাল আৰু খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ - Kharge tweet on Parliament building

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াৰ বাবে অভিযোগ দাখিল কৰা হৈছে (New parliament row)। দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰীৰ নতুন সংসদ ভৱনৰ উদ্বোধনক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ।

New parliament row
কেজৰিৱাল আৰু খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : May 27, 2023, 3:56 PM IST

নেশ্যনেল ডেস্ক,২৭ মে': দেশৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্ক অব্যাহত আছে (New parliament building controversy)। কেইবাটাও বিৰোধী দলে ইতিমধ্যে অনুষ্ঠান বাতিল কৰিছে । তাৰ মাজতে এই বিষয়ক লৈ মন্তব্য কৰি বিপদত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে । আপত্তিজনক মন্তব্যৰে বিতৰ্কৰ সূচনা কৰাৰ বাবে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে (FIR against Kejriwal and Kharge)।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ জাতিৰ কথা উল্লেখ কৰি নেতাকেইগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰিছিল । তেনে মন্তব্যৰ বাবেই নতুন দিল্লীৰ কনট প্লেচ আৰক্ষী থানাত কেজৰিৱাল আৰু খাৰ্গেকে ধৰি আন কেইবাগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ।

  • Complaint filed against Delhi CM Arvind Kejriwal, Congress president Mallikarjun Kharge and others for making inciteful* statements citing caste of President Droupadi Murmu regarding the event of the inauguration of the new Parliament building with the intent to promote enmity…

    — ANI (@ANI) May 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অভিযোগত কোৱা হৈছে যে ৰাজনৈতিক লাভালাভৰ বাবে কেজৰিৱাল আৰু খাৰ্গেয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ বিবৃতি দিছে য'ত দুটা সম্প্ৰদায়/গোটৰ মাজত শত্ৰুতা সৃষ্টি কৰিব আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে অবিশ্বাসৰ সৃষ্টি কৰাৰো ভাবুকি দিছে । চাৰিটা টুইটত মল্লিকাৰ্জুন খাৰ্গেয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক নিমন্ত্ৰণ নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰি় কৈছিল যে এনে লাগে যেন মোডী চৰকাৰে কেৱল নিৰ্বাচনী স্বাৰ্থত দলিত আৰু জনজাতীয় সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতি মনোনিত কৰে (Kharge tweet on Parliament building)। যেতিয়া সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলিও খাৰ্গেয়ে উল্লেখ কৰে ।

টুইটত খাৰ্গেয়ে কয়, "এতিয়া দ্ৰৌপদী মূৰ্মুক উদ্বোধনী কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাই । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু দেশৰ প্ৰথম নাগৰিক । তেওঁ অকলে চৰকাৰ আৰু বিৰোধীৰ সৈতে প্ৰতিজন নাগৰিকক প্ৰতিনিধিত্ব কৰে । যদি নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰে, ই গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক হ'লহেঁতেন ।"

একে সময়তে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইট কৰি দলিত সমাজে এতিয়া জানিব বিচাৰিছে তেওঁলোকক অশুভ বুলি বিবেচনা কৰা হয় নেকি । সেইকাৰণে তেওঁলোকক নিমন্ত্ৰণ জনোৱা হোৱা নাই (Kejriwal tweet on new Parliament building)।

মোডী চৰকাৰক এছটি আৰু এছচিসকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কেজৰিৱালে টুইট কৰি কয় যে তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিবলৈও আমন্ত্ৰণ জনোৱা হোৱা নাছিল । নতুন সংসদৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈও তেওঁক আমন্ত্ৰণ জনোৱা হোৱা নাছিল । নতুন সংসদ ভৱনটোও বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে উদ্বোধন নকৰে ।

লগতে পঢ়ক :New Parliament Building Inauguration Ceremony : দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান; কি কি কাৰ্যসূচী থাকিব ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.