নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী: মাৰ্কিন কেপট'ল হিলত প্ৰতিবাদী কাৰ্যসূচীত ভাৰতৰ পতাকা লৈ অংশগ্ৰহণ কৰাৰ অভিযোগত ভিনচেণ্ট জেভিয়াৰ নামৰ এগৰাকী মাৰ্কিন নাগৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । দিল্লীৰ কালকাজি আৰক্ষী থানাত ভিনচেণ্ট জেভিয়াৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । ড'নাল্ড ট্ৰাম্পৰ সমৰ্থনকাৰীয়ে বুধবাৰে কেপট'ল হিলৰ ভিতৰত প্ৰৱেশ কৰি হিংসাত্মক কাৰ্যত লিপ্ত হৈছিল ।
এই প্ৰতিবাদী কাৰ্যসূচীতে ভিনচেণ্ট জেভিয়াৰে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰে । বুধবাৰে জ' বাইদেনক তেওঁৰ বিজয়ৰ স্বীকৃতি দিয়াৰ বাবে এখন যৌথ বৈঠক অনুষ্ঠিত হৈছিল মাৰ্কিন কেপট'ল হিলত । সেই সময়তে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ট্ৰাম্পৰ সমৰ্থকে । প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীৰ গুলীত নিহত হয় ৫ গৰাকী প্ৰতিবাদকাৰী । বহু লোকক আহত হোৱাৰ লগতে আৰক্ষীয়ে কৰায়ত্ত কৰে কেইবাজনো প্ৰতিবাদকাৰীক । এই ঘটনা ট্ৰাম্পৰ উচতনিত সংঘটিত হোৱা বুলি কৈ একাংশই ট্ৰাম্পক জগৰীয়া কৰিছে ।
কিয়নো, জ' বাইদেনৰ বিজয়ক লৈ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনাৰ সময়ৰে পৰা ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে । আনহাতে, ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিকে ট্ৰাম্পৰ সমৰ্থকে সংঘটিত কৰা এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি আমেৰিকাৰ গণতন্ত্ৰ বিৰোধী কাৰ্য বুলি অভিহীত কৰিছে । বাইদেনৰ ৰাষ্ট্ৰীয় বিত্তীয় কমিটীৰ সদস্য অজয় ভূট'ৰীয়াই কয় যে, মাৰ্কিন কেপট'ল হিলত সংঘটিত হোৱা হিংসাত্মক কাণ্ড ঘৃণনীয় ।
ইয়াৰ বাবে ড'নাল্ড ট্ৰাম্পক দোষাৰোপ কৰি তেওঁ কয় যে, এনে কাণ্ড সংঘটিত কৰা সকলে ৰাষ্ট্ৰদোহৰ আইনৰ অধীনত শাস্তি পোৱাৰ যোগ্য আৰু এই ঘটনাই দেশলৈ আৰু প্ৰতিগৰাকী মাৰ্কিন নাগৰিকৰ অধিকাৰৰ প্ৰতি ভাবুকি আনিছে । আনহাতে, শিখ আমেৰিকান আইনী প্ৰতিৰক্ষা আৰু শিক্ষা কোষে এক বিবৃত্তিযোগে কেপট'ল হিলৰ প্ৰতিবাদী কাৰ্যসূচীক গৰিহণা দিয়ে আৰু গণতান্ত্ৰিক আন্দোলনত হিংসাৰ বাবে ঠাই নাই বুলি কয় । শিখ আমেৰিকান আইনী প্ৰতিৰক্ষা আৰু শিক্ষা কোষৰ কাৰ্যবাহী নিৰ্দেশক কিৰণ কৌৰ গিলে এই ঘটনাত সংঘটিত কৰাৰ বাবে প্ৰতিবাদকাৰীক উচতনি দিয়া লোকসকলক ধিক্কাৰ দিয়ে ।