ETV Bharat / bharat

College notice viral : প্ৰেমিক নাথাকিলে কলেজলৈ নাহিব !

প্ৰেমিক অবিহনে কলেজলৈ নাহিব । প্ৰেমিক নাথাকিলে কলেজত প্ৰৱেশ কৰিব দিয়া নহ'ব কোনো যুৱতীক । ১৪ ফেব্ৰুৱাৰীত প্ৰেমিকক লগত লৈহে কলেজলৈ আহিব পাৰিব । অধ্যক্ষৰ স্বাক্ষৰত প্ৰকাশিত এই জাননী ভাইৰেল (Odisha college viral notice) ।

author img

By

Published : Jan 24, 2023, 5:40 PM IST

viral
viral

নিউজ ডেস্ক, ২৪ জানুৱাৰী : "প্ৰেমিকৰ সৈতে কলেজলৈ আহক । প্ৰেমিক অবিহনে মহাবিদ্যালয়ত প্ৰবেশৰ অনুমতি নাই ।" ওডিশাৰ জগতসিংপুৰ এছ ভি এম মহাবিদ্যালয়ৰ নামত এনেধৰণৰ এখন জাননী বৰ্তমান ভাইৰেল হৈ পৰিছে (College notice viral) । উল্লেখ্য, জগতসিংপুৰৰ স্বামী বিবেকানন্দ স্মৃতি স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ স্বাক্ষৰ আছে জাননীখনত (Swami Vivekananda Memorial Autonomous College) । অৱশ্যে অধ্যক্ষগৰাকীয়ে এনেধৰণৰ জাননী জাৰি কৰাৰ বিষয়টো অস্বীকাৰ কৰিছে ।

জাননীখনত পোনপটীয়াকৈ উল্লেখ কৰা হৈছে, "সকলো যুৱতীৰ বাবে 14 ফেব্ৰুৱাৰীৰ ভিতৰত কমেও এজন প্ৰেমিক থকাটো বাধ্যতামূলক । এইটো সুৰক্ষাৰ উদ্দেশ্যে কৰা হৈছে । প্ৰেমিক নথকা যুৱতীসকলক মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । তেওঁলোকে তেওঁলোকৰ প্ৰেমিকৰ সৈতে শেহতীয়া এখন ছবি দেখুৱাব লাগিব । প্ৰেম সৰ্বত্ৰে বিয়পাই দিয়ক ।'' বৰ্তমান এই জাননীখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Jagatsinghpur SVM Autonomous College viral notice) । যাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে । তাৰ উপৰি মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে বিষয়টো সন্দৰ্ভত জগতসিংপুৰ আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছে ।

ভাইৰেল জাননীখনক লৈ সৰৱ চৰ্চা
ভাইৰেল জাননীখনক লৈ সৰৱ চৰ্চা

আনহাতে, মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ নামত ভাইৰেল হোৱা জাননীখনক (Jagatsinghpur SVM College Name Viral Notice) লৈ বৰ্তমান সৰৱ চৰ্চা চলিছে । জগতসিংপুৰৰ স্বামী বিবেকানন্দ স্মৃতি স্বায়ত্তশাসিত মহাবিদ্যালয় বা এছভিএম কলেজৰ অধ্যক্ষ বিজয় কুমাৰ পাত্ৰই স্বাক্ষৰ কৰা এখন জাননীত লিখা হৈছে যে অহা ১৪ ফেব্ৰুৱাৰীত (Valentines Day) প্ৰেমিক অবিহনে মহাবিদ্যালয়খনত কোনোবা যুৱতী আহিলে তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব । এজন পুৰণি বন্ধুৰ সৈতে কলেজলৈ আহক । উল্লেখ্য, এই জাননীখন ভাইৰেল হোৱাৰ পিছত এই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ বিজয় কুমাৰ পাত্ৰই কয়, "আজি মোৰ নামত এখন ভুৱা জাননী প্ৰচাৰিত হৈছে, এয়া সম্পূৰ্ণ মিছা । এই বিষয়ে কথা পতা আৰু ইয়াক বাতৰি বনোৱাটো উপযুক্ত নহয় । কোনেও এইটো নজনাকৈ কৰা নাই । এইটো কাম আনকি মহাবিদ্যালয়খনৰ পৰাও কৰা হোৱা নাই । লেটাৰহেড বা তাত লিখা নম্বৰটো মহাবিদ্যালয়খনৰ নহয় ।''

লগতে পঢ়ক :Republic Day celebration in Assam: গণৰাজ্য দিৱসত কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.