নিউজ ডেস্ক, ২৯ জুন : প্ৰবল মনোবল আৰু ইচ্ছাশক্তি থাকিলে যে যিকোনো প্ৰতিবন্ধকতাকো হেলাৰঙে অতিক্ৰম কৰিব পাৰি সেয়া পুনৰ প্ৰমাণ কৰিলে হায়দৰাবাদৰ দুগৰাকী যমজ ভগ্নীয়ে । উল্লেখ্য, উক্ত ভগ্নী দুগৰাকী মূৰৰ সৈতে সংলগ্ন । অর্থাৎ দুয়োগৰাকীৰে শৰীৰৰ সকলো অংগ-প্ৰত্যংগ স্বাভাৱিক যদিও তেওঁলোকৰ মূৰ দুটা সংযুক্ত । তেনে শাৰীৰিক বিসংগতি সত্ত্বেও দুয়োগৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফতাৰে উত্তীৰ্ণ হৈছে (Conjoined twins from Hyderabad defied all odds) । যাৰ বাবে এতিয়া দুয়োগৰাকী ছাত্ৰীয়ে নিজৰ অধ্যৱসায়ৰ বাবে সকলোৰে পৰা লাভ কৰিছে সাধুবাদ ।
মঙলবাৰে ঘোষণা হয় তেলেংগানাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল (Telangana State Board of Intermediate Education result) । উক্ত ফলাফলত হায়দৰাবাদৰ এই দুগৰাকী মূৰৰ সৈতে সংলগ্ন যমজ ভগ্নীয়ে লাভ কৰে বিশেষ সফলতা । হায়দৰাবাদৰ সংযুক্ত যমজ ছাত্ৰী দুগৰাকীয়ে সকলো প্ৰতিকূলতাকো নেওচি উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় । উল্লেখ্য, মঙলবাৰে ঘোষণা কৰা হয় তেলেংগানা ৰাজ্যিক উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ (Telangana State Board of Intermediate Education) প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফল । উক্ত ফলাফলতে প্ৰতিবন্ধী ছাত্ৰী দুগৰাকীয়ে এই ফলাফল দেখুৱাবলৈ সক্ষম হয় ।
মে' মাহত অনুষ্ঠিত তেলেংগানা ৰাজ্যিক উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ দুয়োটা পৰীক্ষাত (TSBIE inter first and second year exams) ৯ লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । তাৰে ভিতৰত বীণা আৰু বাণী নামৰ এই দুগৰাকী সংযুক্ত যমজ ভগ্নীয়ে নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি প্ৰথম বিভাগত উত্তীৰ্ণ হয় (Veena and Vani conjoined twins passed with first class) ।
বীণা আৰু বাণীৰ এই ফলাফলত তেলেংগানাৰ জনজাতীয় আৰু মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী সত্যৱতী ৰাথোড়ে (Minister for Tribal and Women and Child Welfare Telangana)বিশেষ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ লগতে বীণা আৰু বাণীক সহায় কৰা বিষয়াসকলক বিশেষভাৱে অভিনন্দন জনায় । উল্লেখ্য, তেলেংগানাৰ শিক্ষা মন্ত্ৰী সবিতা ইন্দ্ৰ ৰেড্ডীয়ে ঘোষণা কৰা ফলাফলত (Telangana Education Minister Sabitha Indra Reddy announced results) প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ দুয়োটা পৰীক্ষাত ৬০ শতাংশতকৈও অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হয় ।
লগতে পঢ়ক :গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল