ETV Bharat / bharat

Cock Theft Case: এটা কুকুৰাৰ বাবে সম্পৰ্কত ফাঁট; চুবুৰীয়াৰ বিৰুদ্ধে চুবুৰীয়াৰ গোচৰ - Attempted murder of chicken

ছত্তিশগড়ৰ বিলাসপুৰত কুকুৰা চুৰি কৰি হাতে-লোটে ধৰা পৰিল এটা দম্পতী (Rooster theft complaint in Bilaspur) ৷ চোৰৰ বিৰুদ্ধে গোচৰ দিবলৈ আৰক্ষী থানা পালেগৈ কুকুৰাৰ মালিক (cock theft case in Bilaspur) ৷

cock-theft-case-in-bilaspur-woman-reached-ratanpur-police-station-to-complain-rooster-theft
কুকুৰাক হত্যাৰ চেষ্টা কৰাৰ বাবেই চুবুৰীয়াৰ বিৰুদ্ধে গোচৰ
author img

By

Published : Feb 28, 2023, 8:11 PM IST

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: আজৱ দেশৰ গজৱ ঘটনা ৷ কুকুৰা চুৰি কৰি মাৰিবলৈ লোৱাৰ কাৰণেই আৰক্ষীৰ কাষ চাপিল এগৰাকী মহিলা (Cock Theft Case) ৷ এই ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ বিলাসপুৰ জিলাত (Rooster theft complaint in Bilaspur)৷

ঘটনাৰ বিৱৰণী অনুসৰি বিলাসপুৰ জিলাৰ পৰা 25 কিলোমিটাৰ দূৰত্বত থতা ছীলদাহা গাঁৱৰ বাসিন্দা জানকী বাই নামৰ মহিলাগৰাকীয়ে ঘৰতে কুকুৰা পুহিছিল (cock theft case in Bilaspur ) ৷ জানকী বায়ে দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই আছিল ৷ শেহতীয়াকৈ দেওবাৰে জানকী বাইয়ে প্ৰতিদিনৰ দৰেই কামলৈ ওলাই যায় ৷ তাৰ পিচতে মহিলগৰাকী ঘৰত নথকাৰ সুযোগ লয় তেওঁৰ ওচৰ চুবুৰীয়াই ৷

জানকী বায়ে ঘৰৰ পৰা ওলাই যোৱাৰ পিচতে চুবুৰীয়া এটা দম্পতীয়ে তেওঁৰ ঘৰৰ কুকুৰা এটা চুৰি কৰি লৈ গৈ খাবলৈ মাৰিবলৈ লওঁতেই মহিলাগৰাকীয়ে আহি কুকুৰাটো দম্পতীটোৰ পৰা বচাই লৈ আহে ৷ কিন্তু কুকুৰাটোক মাৰিবলৈ লোৱাৰ পূৰ্বে দম্পতীটোৱে কুকুৰাটোৰ পাখিত আঘাত কৰিছিল (Attempted murder of chicken)৷ ফলত কুকুৰাটোৰ পাখি কটাৰ চিন স্পষ্টকৈ পৰিলক্ষিত হৈছিল ৷

মহিলাগৰাকীয়ে এই ঘটনা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে ৷ মহিলাগৰাকীয়ে লগে লগে আঘাতপ্ৰাপ্ত কুকুৰাটো লগত লৈ নিকটৱৰ্তী ৰতনপুৰ আৰক্ষী থানাত উপস্থিত হয় ৷ মহিলাগৰাকীয়ে আৰক্ষীৰ আগত সমগ্ৰ ঘটনা অৱগত কৰে ৷ ইয়াৰোপৰি চুবুৰীয়া দম্পতীটোক এই ঘটনা সংঘটিত কৰাৰ বাবে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায় (woman reaches police station)৷ ইফালে মহিলাগৰাকীৰ ঘৰৰ পাৰ প্ৰায়েই কুকুৰা চুৰি হয় বুলিও আৰক্ষীক অভিযোগ উত্থাপন কৰে ৷ মহিলাগৰাকীয়ে ইয়াৰ পূৰ্বেও কেইবাবাৰো দম্পতীটোৱে তেওঁৰ কুকুৰা চোৰ কৰা দেখিছে বুলি সদৰী কৰে ৷ মই চোৰক হাতে লোটে ধৰিছো, গতিকে চোৰে শাস্তি পোৱাটো অনিবাৰ্য বুলি মহিলাগৰাকীয়ে আৰক্ষীৰ আগত মন্তব্য প্ৰকাশ কৰে ৷

মহিলাগৰাকীৰ কথা শুনাৰ পিচত ৰতনপুৰ আৰক্ষীয়ে তেওঁক এই ঘটনাৰ বিষয়ে তদন্ত কৰা হ’ব বুলি আশ্বাস দি তেওঁক ঘৰলৈ উভতাই পঠিয়াই দিয়ে ৷ ৰতনপুৰ থানাৰ আৰক্ষী বিষয়া প্ৰসাদ সিনহাই এই ঘটনাৰ সন্দৰ্ভত কয় যে, মহিলাগৰাকীয়ে সোমবাৰে কুকুৰাটো লৈ থানালৈ আহিছিল ৷ কুকুৰাটো আঘাতপ্ৰাপ্ত আছিল ৷ মহিলাগৰাকীয়ে মৌখিকভাৱে গোচৰ তৰিছিল ৷ এই ঘটানৰ পিচদিনা অৰ্থাৎ মঙলবাৰে ভুক্তভোগী মহিলাগৰাকীক পুনৰ সোধা পোছাৰ বাবে মাতিছিল যদিও তেওঁ থানালৈ নাহিল ৷ লগতে আৰক্ষীয়ে মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰা পৰিয়ালটোৰ ওপৰতো তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

অৱশ্যে অঞ্চলটোত ইয়াৰ পূৰ্বেও বহুকেইটা কুকুৰা চোৰৰ ঘটনা পোহৰলৈ আহিছিল ৷ চলিত বৰ্ষৰ যোৱা 27 জানুৱাৰীত পচপেড় নামৰ অঞ্চলত গাঁৱতে থকা এখন দোকানৰ পিচফালৰ দৰ্জা ভাঙি 10 টাকৈ কুকুৰা চুৰ কৰিছিল লৈ গৈছিল কোনো দুৰ্বৃত্তই ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত কুকুৰা চোৰকেইটাক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক: Mizoram police anti drug movement: মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.