ETV Bharat / bharat

Coal smuggling case : তৃণমূল কংগ্ৰেছৰ সাংসদৰ পত্নীক ইডিৰ জেৰা

কলকাতাৰ কোটি টকীয়া কয়লা চোৰাং ব্যৱসায়ৰ গোচৰে লৈছে নতুন মোৰ । তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জীক ইডিৰ জেৰা । চিজিঅ' কমপ্লেক্সত ইডিৰ বিশেষ দল ।

author img

By

Published : Jun 23, 2022, 9:48 PM IST

kolkata
Coal smuggling case : তৃণমূল কংগ্ৰেছৰ সাংসদৰ পত্নীক ইডিৰ জেৰা

নেচনেল ডেস্ক, ২৩ জুন: বহু বিতৰ্কিত কোটি টকীয়া কয়লা চোৰাং ব্যৱসায়ৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে ( ED in Kolkata) কলকাতাত উপস্থিত হয় । প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জীক এই সন্দৰ্ভত চল্ট লেকৰ চিজিঅ' কমপ্লেক্সত সোধা-পোছা কৰে । প্ৰায় চাৰি ঘণ্টা ধৰি প্ৰৱৰ্তন সঞ্চালকালয়ে ৰুজিৰাক কয়লাৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ সম্পৰ্কে প্ৰশ্ন কৰে (coal smuggling case)। বৃহস্পতিবাৰে ৰুজিৰাক প্ৰশ্ন কৰিবলৈ দিল্লীৰ পৰা এটা বিশেষ ইডিৰ দল চহৰখনত উপস্থিত হোৱাৰ পাছতে বিষয়টোৱে নতুন মোৰ লৈছে । ৰুজিৰাই কনমানি সন্তানক লৈয়ে চিজিঅ' কমপ্লেক্সত বিশেষ ইডিৰ দলটোৰ সন্মুখত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য় যে কেইদিনমান পূৰ্বে চিবিআইৰ দল এটাই কলকাতাৰ হৰিশ মুখাৰ্জী ৰোডত থকা অভিষেক বেনাৰ্জীৰ বাসগৃহলৈ গৈ তেওঁৰ পত্নী ৰুজিৰাক এই বিষয়ে সোধা-পোছা কৰিছিল (Trinamool Congress Parliamentarian Abhishek Banerjee) । চিবিআইৰ বিষয়াসকলে কয়লা চোৰাং ব্যৱসায়ৰ গোচৰৰ বিৱৰণ বিচাৰি ৰুজিৰাৰ সৈতে দীৰ্ঘ সময় ধৰি কথা পাতিছিল।

ইডিৰ সূত্ৰ অনুসৰি, ৰাজ্যৰ মুখ্য সচিব আৰু বিধান নগৰৰ আৰক্ষী আয়ুক্ত সুপ্ৰতীম সৰকাৰক বুধবাৰে সংস্থাটোৱে ৰুজিৰা বেনাৰ্জীক জেৰা কৰা সন্দৰ্ভত অৱগত কৰিছিল । কাৰণ ন্যায়ালয়ে ৰুজিৰা বেনাৰ্জীক সোধা-পোছাৰ পূৰ্বে সংশ্লিষ্ট অঞ্চলটোৰ আৰক্ষী আয়ুক্ত আৰু উচ্চ পদস্থ বিষয়াসকলক অৱগত কৰিবলৈ নিৰ্দেশ দিছিল ।

উল্লেখ্য় যে কয়লাৰ চোৰাং ব্যৱসায়ৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জীক ইয়াৰ পূৰ্বে কেইবাবাৰো জাননী জাৰি কৰিছিল যদিও ক'ভিডকালীন পৰিস্থিতিক দোহাই দি জেৰাৰ পৰা হাতসাৰি আছিল । পাছত উচ্চতম ন্যায়ালয়ে ৰুজিৰাক বৃহস্পতিবাৰে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:বিধায়ক কিনা-বেচা বন্ধ কৰাৰ দাবীত TMCৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.