ETV Bharat / bharat

2030 চনৰ ভিতৰত 140 মেট্ৰিক টন কয়লা উৎপাদনৰ লক্ষ্য কয়লা মন্ত্ৰালয়ৰ

যি সময়ত বিশ্বই কয়লাৰ ব্যৱহাৰ হ্ৰাস (reducing the usage of coal) আৰু নৱীকৰণযোগ্য শক্তিৰ ওপৰত নিৰ্ভৰশীলতা (dependence on renewable energy) ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব দি আহিছে, সেই সময়তে কয়লা মন্ত্ৰালয়ে শনিবাৰে কয় যে দেশৰ ঘৰুৱা কেঁচা কোকিং কয়লা (raw coking coal) উৎপাদনে বৰ্তমানৰ ৫১.৭ মেট্ৰিক টনৰ পৰা ২০৩০ চনৰ ভিতৰত ১৪০ নিযুত টন (মেট্ৰিক টন) স্পৰ্শ কৰিব পাৰে ।

author img

By

Published : Jun 25, 2022, 7:46 PM IST

2030 চনৰ ভিতৰত 140 মেট্ৰিক টন কয়লা উৎপাদনৰ লক্ষ্য কয়লা মন্ত্ৰালয়ৰ
2030 চনৰ ভিতৰত 140 মেট্ৰিক টন কয়লা উৎপাদনৰ লক্ষ্য কয়লা মন্ত্ৰালয়ৰ

নিউজ ডেস্ক, ২৫ জুন : যি সময়ত বিশ্বই কয়লাৰ ব্যৱহাৰ হ্ৰাস (reducing the usage of coal) আৰু নৱীকৰণযোগ্য শক্তিৰ ওপৰত নিৰ্ভৰশীলতা (dependence on renewable energy) ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব দি আহিছে, সেই সময়তে কয়লা মন্ত্ৰালয়ে শনিবাৰে কয় যে দেশৰ ঘৰুৱা কেঁচা কোকিং কয়লা (raw coking coal) উৎপাদনে বৰ্তমানৰ ৫১.৭ মেট্ৰিক টনৰ পৰা ২০৩০ চনৰ ভিতৰত ১৪০ নিযুত টন (মেট্ৰিক টন) স্পৰ্শ কৰিব পাৰে ।

যিহেতু ভাৰতে ২০৩০ চনৰ ভিতৰত নৱীকৰণযোগ্য উৎসৰ (renewable sources) পৰা ৫০ শতাংশ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে, মন্ত্ৰালয়ে লগতে ঘোষণা কৰে যে কোল ইণ্ডিয়া লিমিটেডে (Coal India Limited) ৩০ এমটিপিএ (বছৰি মিলিয়ন টন) ক্ষমতাৰ আৰু নটা নতুন কয়লা ক্ষেত্ৰ স্থাপন (new washeries) আৰু কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে । বৰ্তমানে ঘৰুৱা কেঁচা কোকিং কয়লা শোধন ক্ষমতা (domestic raw coking coal washing capacity) হৈছে প্ৰতি বছৰে প্ৰায় 23 মেট্ৰিক টন, যাৰ ভিতৰত আছে ব্যক্তিগত খণ্ডৰ 9.26 মেট্ৰিক টন ।

কয়লা মন্ত্ৰালয়ে এক বিবৃতিত কয়, "নতুন কয়লা ক্ষেত্ৰ স্থাপনৰ লগে লগে চিআইএল-এ (CIL) ইস্পাত খণ্ডলৈ (steel sector) প্ৰায় ১৫ মেট্ৰিক টন সংশোধিত কোকিং কয়লা যোগান ধৰিবলৈ সক্ষম হ'ব বুলি অনুমান কৰা হৈছে । যাৰ ফলত কোকিং কয়লাৰ আমদানি হ্ৰাস পাব ।" উল্লেখ্য, কয়লা মন্ত্ৰালয়ে (Coal Ministry) যোৱা দুবছৰত ২২.৫ মেট্ৰিক টন পিআৰচিৰ (PRC) লগতে ব্যক্তিগত খণ্ডলৈ ১০টা কোকিং কয়লা খণ্ড নিলাম কৰে । ইয়াৰে বেছিভাগ খণ্ডয়েই ২০২৫ চনৰ ভিতৰত উৎপাদন আৰম্ভ কৰিব বুলি আশা কৰা হৈছে বুলি মন্ত্ৰালয়ে কয় ।

"মন্ত্ৰালয়ে চাৰিটা কোকিং কয়লা খণ্ডও চিনাক্ত কৰিছে আৰু কেন্দ্ৰীয় খনি পৰিকল্পনা আৰু ডিজাইন প্ৰতিষ্ঠানেও (Central Mine Planning and Design Institute) অহা দুমাহৰ ভিতৰত ৪ ৰ পৰা ৬ টা নতুন কোকিং কয়লা খণ্ডৰ বাবে জিআৰ চূড়ান্ত কৰিব । দেশত ঘৰুৱা কেঁচা কোকিং কয়লা যোগান অধিক বৃদ্ধি কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বাবে নিলামৰ পৰৱৰ্তী পৰ্যায়ত এই খণ্ডবোৰ আগবঢ়োৱা হ'ব পাৰে ।" মন্ত্ৰালয়ে এক বিবৃতিত কয় ।

ইয়াৰ উপৰি ঘৰুৱা কয়লা উৎপাদনৰ 80 শতাংশতকৈও অধিক অংশীদাৰী কোল ইণ্ডিয়া লিমিটেডে (Coal India Ltd) বিদ্যমান খনিৰ পৰা 26 মেট্ৰিক টনলৈকে কেঁচা কোকিং কয়লা উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে আৰু বিত্তীয়বৰ্ষ 2025-ৰ ভিতৰত সৰ্বাধিক মূল্য ক্ষমতা থকা নখন নতুন খনি চিনাক্ত কৰিছে । কয়লা মন্ত্ৰালয়ে মত প্ৰকাশ কৰে যে 'আত্মনিৰ্ভৰ ভাৰত' (Atmanirbhar Bharat)উদ্যোগৰ অধীনত লোৱা নতুন ব্যৱস্থাৰ সৈতে ঘৰুৱা কেঁচা কোকিং কয়লা উৎপাদন ২০৩০ চনৰ ভিতৰত ১৪০ মেট্ৰিক টনত উপনীত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :পশ্চিম হিমালয়ত প্ৰথমবাৰৰ বাবে বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.