ETV Bharat / bharat

CM Yogi at Hyderabad : হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন যোগী আদিত্যনাথৰ - CM Yogi worshiped at Shri Bhagyalakshmi temple

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে পুৱাই দৰ্শন কৰে হায়দৰাবাদৰ চাৰমিনাৰ অঞ্চলৰ শ্ৰী ভাগ্যলক্ষ্মী মন্দিৰ (CM Yogi visits Sri Bhagyalakshmi temple)। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ উদ্দেশ্যে চহৰখনত উপস্থিত আদিত্যনাথ ।

Hyderabad
পুৱাই হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন যোগী আদিত্যনাথৰ
author img

By

Published : Jul 3, 2022, 11:32 AM IST

Updated : Jul 3, 2022, 1:55 PM IST

নেশ্যনেল ডেস্ক, ৩ জুলাই : হায়দৰাবাদত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা (BJP National Executive Meeting)। এই সভাত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত হৈছে । এই সভাৰ মাজতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে পুৱাই দৰ্শন কৰে হায়দৰাবাদৰ চাৰমিনাৰ অঞ্চলৰ শ্ৰী ভাগ্যলক্ষ্মী মন্দিৰ (CM Yogi visits Sri Bhagyalakshmi temple)।

পুৱাই হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন যোগী আদিত্যনাথৰ

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰত পুৱাই পূজা অৰ্চনা কৰে (CM Yogi worshiped at Sri Bhagyalakshmi temple)। মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পাছতে অসংখ্য বিজেপি কৰ্মীও মন্দিৰৰ চৌহদত ভিৰ কৰা দেখা যায় । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হায়দৰাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা উদ্বোধন কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰা মতে এই বৈঠকত বিজেপিয়ে দলটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও বিষয় আলোচনা কৰিব ।

আনহাতে ক'ভিড মহামাৰীৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে প্ৰথমবাৰৰ বাবে এনেধৰণৰ বৈঠক অনুষ্ঠিত হৈছে । গুজৰাটৰ দৰে ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এই বৈঠক বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

  • #WATCH | Telangana: Uttar Pradesh Chief Minister and BJP leader Yogi Adityanath offers prayers at Shri BhagyaLaxmi Mandir, Charminar in Hyderabad. pic.twitter.com/VskBaSBRYE

    — ANI (@ANI) July 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

২০২১ চনৰ নৱেম্বৰত অনুষ্ঠিত হোৱা অন্তিমখন বৈঠকত নেতাসকল উপস্থিত আছিল । বিজেপিৰ বৈঠকৰ পূৰ্বে সমগ্ৰ হায়দৰাবাদ চহৰতে দলীয় পতাকা আৰু বেনাৰ লগোৱা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ সফলতাবোৰ উল্লেখ কৰিও পোষ্টাৰবোৰ লগোৱা হৈছে ।

বৈঠকখন হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হৈছে । প্ৰধানমন্ত্ৰী মোডীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ১৯ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতা উপস্থিত আছে ।

লগতে পঢ়ক :আমাক অসুবিধা কৰিলে বিজেপিকো দিল্লীৰ পৰা উৎখাত কৰিম : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও

Last Updated : Jul 3, 2022, 1:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.