ETV Bharat / bharat

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটক চিকিৎসালয়ত ভৰ্তি

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি ৷ ক'ভিড পজিটিভ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয় মুখ্যমন্ত্ৰী গৰাকীক ৷

cm-trivendra-singh-rawat-admitted-to-hospital
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটক চিকিৎসালয়ত ভৰ্তি
author img

By

Published : Dec 27, 2020, 10:24 PM IST

নিউড ডেস্ক, 27 ডিচেম্বৰ : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটক দেওবাৰে ডুন চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকী 18 ডিচেম্বৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ঘৰতে চিকিৎসকৰ নিৰীক্ষণত আছিল ৷ শনিবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ সামন্য পৰিমানে জ্বৰ ভাৱ হোৱাত ডুন চিকিৎসা মহাবিদ্যালয়ত পুনৰ পৰীক্ষা কৰাইছিল আৰু পৰীক্ষাৰ অন্তত তেওঁক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ লগতে তেওঁৰ পত্নী আৰু কন্যাৰ দেহতো ক'ভিড পজিটিভ পোৱাৰ বাবে তেওঁলোককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰেছ উপদেষ্টা গৰাকীয়ে জনোৱা অনুসৰি, মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত বৰ্তমান সুস্থিৰ ৷

উল্লেখ্য যে, দেওবাৰৰ নিশাটো চিকিৎসালয়তে কটাব মুখ্যমন্ত্ৰী গৰাকী ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশত বিজেপি বিধায়কৰ বিৰুদ্ধে 420 ধাৰাত গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.