নেশ্যনেল ডেস্ক,৪ জুন : এটা শতিকাৰ অতি ভয়ংকৰ ৰে'ল দুৰ্ঘটনা (Balasore train accident)। যি দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮ লৈ অতিক্ৰম কৰিছে । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে । ইফালে প্ৰতিটো সময়তে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও পৰিস্থিতিৰ বুজ লৈছে । প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ সৈতে তেওঁ যোগাযোগ ৰাখিছে ।
সমান্তৰালকৈ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে কথা পাতিছে আৰু শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে (CM Speaks to PM Over Phone on latest situation)। বিশেষকৈ ৰে'ল দুৰ্ঘটনাত পতিতসকলৰ চিকিৎসাৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰিছে ।
ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত আহত যাত্ৰীসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সকলো সম্ভৱ পদক্ষেপ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে । মুখ্যমন্ত্ৰীয়ে অৱগত কৰা মতে চিকিৎসক, চিকিৎসক শিক্ষাৰ্থীসকলে আহতসকলৰ জীৱন ৰক্ষাৰ বাবে যথা সম্ভৱ চেষ্টা অব্যাহত আছে । চিকিৎসক, শিক্ষাৰ্থী আৰু সাধাৰণ লোকসকলেও আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছে ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে প্ৰতিটো জীৱন মূল্যৱান বুলি উল্লেখ কৰা হৈছে । যাৰ আধাৰত উদ্ধাৰ অভিযানৰ পৰা আৰম্ভ কৰি আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা, চিকিৎসাৰ ব্যৱস্থা কৰালৈকে সকলো ধৰণৰ চেষ্টা কৰা হৈছে ।
শেহতীয়া পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন চিকিৎসালয়ত প্ৰায় ১১৭৫ গৰাকী আহত ভৰ্তি কৰা হৈছে । তাৰ ভিতৰত ৭৯৩ জনক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে । আঘাতপ্ৰাপ্তসকলৰ বেছিভাগেই সুস্থিৰ অৱস্থাত আছে বুলিও তেওঁ উল্লেখ কৰে ।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে বৰ্তমান ৩৮২ গৰাকী যাত্ৰী বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । প্ৰধানমন্ত্ৰীয়ে সংকটৰ সময়ত তৎক্ষণাৎ আৰু দক্ষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । প্ৰয়োজন হ'লে কেন্দ্ৰই যিকোনো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু বুলিও তেওঁ আশ্বাস প্ৰদান কৰে । এই সংকটৰ সময়ত যি ধৰণৰ সমৰ্থন আৰু সময়মতে সহায় কৰিছে তাৰ বাবে ওড়িশাৰ জনসাধাৰণকো তেওঁ প্ৰশংসা কৰে ।
লগতে পঢ়ক :Odisha Train accident : ১০০ অচিনাক্ত মৃতদেহ ৰখা হ'ব এইমছ ভুৱনেশ্বৰত