ETV Bharat / bharat

CM Nitish Kumar security lapses : নীতিশ কুমাৰৰ সন্মুখতে যুৱকৰ প্ৰতিবাদ

author img

By

Published : Aug 15, 2023, 3:52 PM IST

স্বাধীনতা দিৱস উদযাপনৰ মাজতে বিহাৰৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত সুৰুঙা । কটকটীয়া নিৰাপত্তা অতিক্ৰম কৰি মুখ্যমন্ত্ৰীৰ সন্মুখত যুৱকৰ প্ৰতিবাদ । যুৱকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।

CM Nitish Kumar security lapses
নীতিশ কুমাৰৰ সন্মুখতে যুৱকৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,১৫ আগষ্ট : দেশজুৰি পালন কৰা হৈছে স্বাধীনতা দিৱস । প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলে স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি ৰাইজক সম্বোধন কৰিছে । বিহাৰ চৰকাৰেও স্বাধীনতা দিৱসৰ ব্যাপক আয়োজন কৰিছে । কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সুৰক্ষাত গাফিলতি হোৱা দেখা গৈছে ।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰাটো আৰক্ষী প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অনুষ্ঠানটোৰ বাবে প্ৰায় এমাহ আগৰে পৰা প্ৰস্তুতি কৰা হয় । সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত মক ড্ৰিলো কৰা হয় । কিন্তু তাৰ পাছতো বিহাৰৰ ৰাজধানী পাটনাত মুখ্যমন্ত্ৰীৰ সুৰক্ষাক লৈ এক বৃহৎ প্ৰশ্ন উত্থাপন হৈছে । আৰক্ষী বিভাগে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ দাবী কৰাৰ পাছতে স্বাধীনতা দিৱসৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভাষণৰ সময়তে নিৰাপত্তাৰ গাফিলতি পোহৰলৈ আহে ।

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে গান্ধী ময়দানত ভাষণ দি আছিল সেই সময়তে এগৰাকী যুৱকে এখন পোষ্টাৰ লৈ মুখ্যমন্ত্ৰীৰ মঞ্চৰ সন্মুখত প্ৰৱেশ কৰে আৰু নিযুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়েও যুৱকজনৰ প্ৰতিবাদৰ প্ৰতি গুৰুত্ব আৰোপ কৰে আৰু তাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে যুৱকজনক জিম্মাত লৈ আৰক্ষীৰ হাতত গতাই দিয়ে ।

জানিব পৰা মতে যুৱকজন মুংগেৰৰ বাসিন্দা আৰু তেওঁ অনুকম্পামূলক চাকৰিৰ বাবে চৰকাৰী কাৰ্যালয়লৈ বহুবাৰ গৈছিল । তেওঁৰ পিতৃ বিএমপিত চাকৰি কৰিছিল । যুৱকজনে দাবী কৰা মতে বিষয়াসকলে চাকৰিটোৰ ক্ষেত্ৰত তেওঁক নিৰন্তৰ হাৰাশাস্তি কৰি আছে আৰু অৱশেষত তেওঁ মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয় । সেয়ে গান্ধী ময়দানৰ কঠোৰ নিৰাপত্তা ভংগ কৰি মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে ।

এই সন্দৰ্ভত জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে কয় যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে । অনুসন্ধানৰ পাছত উচিত ব্যৱস্থা লোৱা হ'ব । অৱশ্যে যুৱকজন কোন ভিআইপিৰ সৈতে আহিছিল তাক লৈ প্ৰশ্ন উঠিছে । সুৰক্ষা ব্যৱস্থা উলংঘনক লৈ তদন্ত কৰা হৈছে আৰু যুৱকজনকো জেৰা চলাই থকা হৈছে বুলি জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে কয় ।

লগতে পঢ়ক :PM Modi's speech : এইবাৰ কিয় অধিক গুৰুত্বপূৰ্ণ হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.