নিউজ ডেস্ক, 1 জানুৱাৰী : শনিবাৰে মণিপুৰৰ টেংনুপাল জিলাৰ সীমান্তৰ ম’ৰেত আৰক্ষীক লক্ষ্য কৰি দুৰ্বৃত্তই চলোৱা আক্ৰমণৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৷ আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সিঙে কেন্দ্ৰীয় চৰকাৰ অৱগত কৰিব বুলিও উল্লেখ কৰিছে ৷
ইফালে, দুৰ্বৃত্তই ম’ৰেত হোৱা আক্ৰমণত পাঁচজন আৰক্ষী কমাণ্ডো আহত হৈছিল আৰু আহতসকল চিকিৎসাৰ বাবে বিমানেৰে ইম্ফললৈ লৈ যোৱা হৈছিল ৷
ৰাজ্যিক বাহিনীৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সিঙে কয় যে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নেতাসকলক সাক্ষাৎ কৰিবলৈ আৰু তেওঁলোকক পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ এটা প্ৰতিনিধি দল শীঘ্ৰেই দিল্লীলৈ যাব।
সিঙে কয়, ‘‘টেংনৌপাল জিলাৰ সীমান্তচহৰ ম’ৰেত হোৱা আক্ৰমণত পাঁচজন আৰক্ষী আহত হৈছিল ৷ সাম্প্ৰতিক সময়ত ৰাজ্যিক বাহিনীৰ বিৰুদ্ধে আক্ৰমণে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এক ভাবুকি হৈ পৰিছে। যদিও ৰাজ্য আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে ৷ তথাপিও মণিপুৰ ৰাজ্যক অস্থিৰ কৰি তুলিবলৈ নিৰন্তৰ চেষ্টা কৰি থকা এই কাৰকসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এক পদক্ষে অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।"
-
The unprecedented attacks against the state forces in the recent times have become a serious national security threat. While the state and central security forces are actively engaged in maintaining control over the situation, it is also imperative for the combined security… pic.twitter.com/b2y1sZEJ6u
— N.Biren Singh (@NBirenSingh) December 31, 2023 " class="align-text-top noRightClick twitterSection" data="
">The unprecedented attacks against the state forces in the recent times have become a serious national security threat. While the state and central security forces are actively engaged in maintaining control over the situation, it is also imperative for the combined security… pic.twitter.com/b2y1sZEJ6u
— N.Biren Singh (@NBirenSingh) December 31, 2023The unprecedented attacks against the state forces in the recent times have become a serious national security threat. While the state and central security forces are actively engaged in maintaining control over the situation, it is also imperative for the combined security… pic.twitter.com/b2y1sZEJ6u
— N.Biren Singh (@NBirenSingh) December 31, 2023
মুখ্যমন্ত্ৰীয়ে দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা দেৱী, মন্ত্ৰী, বিধায়ক আৰু দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে । মুখ্যমন্ত্ৰী সিঙে কৈছিল যে, মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ কেন্দ্ৰীয় নেতাসকলক লগ কৰিবলৈ এটা প্ৰতিনিধি দলও শীঘ্ৰেই দিল্লীলৈ যাব ।
উল্লেখ যে, 2023 বৰ্ষৰ মে’ মাহত আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষ বৰ্তমানেও উমি উমি জ্বলি আছে মণিপুৰত ৷ পৰিস্থিত নিয়ন্ত্ৰণ হৈছে যদিও এতিয়াও গোষ্ঠী সংঘৰ্ষৰ পাশ্বক্ৰিয়া অব্যাহত আছে ৷
লগতে পঢ়ক : অপাৰেশ্যন মাওবাদী, ওড়িশাৰ পৰা ছত্তীশগড়লৈ ৩,০০০ চিএপিএফ সৈন্য স্থানান্তৰ