নিউজ ডেস্ক, ৯ জুলাই : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুনৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । উল্লেখ্য যে সুযোগ সুযোগ পালেই ৰাহুল গান্ধীলৈ বাক্যবাণ নিক্ষেপ কৰাটো বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ এক অভ্যাসত পৰিণত হৈছে । এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ শেহতীয়া হাৰিয়ানা ভ্ৰমণক লৈ টিপ্পনি কৰা দেখা গৈছে ।
হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক শনিবাৰে হাৰিয়ানাৰ শোনিপত জিলা ভ্ৰমণক লৈ তীব্ৰ সমালোচনা কৰে । উল্লেখ্য, শোনিপটত ৰাহুল গান্ধীয়ে সাধাৰণ ৰাইজৰ লগত বাৰ্তালাপ কৰে আৰু খেতিপথাৰত কাম কৰি থকা কৃষকসকলৰ সৈতে সময় অতিবাহিত কৰে । তাকে লৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাজনৰ প্ৰতি শ্লেষাত্মক মন্তব্য কৰিছে ।
টুইটাৰযোগে হিমন্ত বিশ্ব শৰ্মাই ফটোগ্ৰাফাৰ আৰু ভিডিঅ'গ্ৰাফাৰৰ এটা দলৰ সৈতে খেতিপথাৰত ব্যস্ত ৰাহুল গান্ধীৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কয় যে 'ৰিল' অবিহনে 'ৰিয়েল' অৰ্জন কৰক ।
-
The sudden desire of the Prince, and his desperation, to get real is laughable!
— Himanta Biswa Sarma (@himantabiswa) July 9, 2023 " class="align-text-top noRightClick twitterSection" data="
But in your zeal to get captured by your photo & video team, for God's sake, do not demean the dignity of our Annadatas. The heckling of farmers to pose as a 'farmer' is deplorable Mr Gandhi.
Get… pic.twitter.com/yFbZc7DWIG
">The sudden desire of the Prince, and his desperation, to get real is laughable!
— Himanta Biswa Sarma (@himantabiswa) July 9, 2023
But in your zeal to get captured by your photo & video team, for God's sake, do not demean the dignity of our Annadatas. The heckling of farmers to pose as a 'farmer' is deplorable Mr Gandhi.
Get… pic.twitter.com/yFbZc7DWIGThe sudden desire of the Prince, and his desperation, to get real is laughable!
— Himanta Biswa Sarma (@himantabiswa) July 9, 2023
But in your zeal to get captured by your photo & video team, for God's sake, do not demean the dignity of our Annadatas. The heckling of farmers to pose as a 'farmer' is deplorable Mr Gandhi.
Get… pic.twitter.com/yFbZc7DWIG
মুখ্যমন্ত্ৰীয়ে লিখিছে, ''ৰাজকুমাৰৰ আকস্মিক আকাংক্ষা আৰু তেওঁৰ হতাশা, বাস্তৱিক হোৱাটো হাস্যকৰ ! কিন্তু আপোনাৰ ফটো আৰু ভিডিঅ' দলৰ দ্বাৰা কেমেৰাত বন্দী হোৱাৰ আপোনাৰ যি উৎসাহ, ভগৱানৰ শপত, আমাৰ আন্নাদাতাৰ মৰ্যাদাক অৱমাননা নকৰিব । কৃষকসকলৰ মাজত এজন 'কৃষক' হিচাপে অভিনয়ৰ ভংগী দিয়াটো অতি বেয়া মাননীয় গান্ধী । ৰিল অবিহনে বাস্তৱ অৰ্জন কৰক ।''
উল্লেখ্য, কংগ্ৰেছত থকাৰ শেষৰ সময়খিনিত ৰাহুল গান্ধীৰ সৈতে হিমন্ত বিশ্বৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছিল । কংগ্ৰেছ ত্যাগ কৰাৰ পিচতেই ৰাহুল গান্ধীৰ ওপৰত তেওঁ ৰাজহুৱাকৈ সমালোচনা আগবঢ়াইছিল । তাৰ পিচৰে পৰাই সময়-সুবিধা পালেই ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে, বিভিন্ন সময়ত, বিভিন্ন মাধ্যমতো ৰাহুল গান্ধীক মুকলিকৈ সমালোচনা কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা, মোদী উপাধি গোচৰ, সাংসদ পদ হেৰুওৱা, বিদেশ ভ্ৰমণ, মণিপুৰ ভ্ৰমণ আদি কোনো এটা উপলক্ষেয়ে এৰি দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই । তীব্ৰ বাক্যবাণেৰে তেওঁ ৰাহুল গান্ধীক থকা-সৰকা কৰি আহিছে ।
শেহতীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়তো নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ৰাহুল গান্ধীৰ বিপক্ষে আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছিল হিমন্ত বিশ্ব শৰ্মাক । এইবাৰ কৃষকৰ ৰূপত ৰাহুল গান্ধীৰ নতুন অৱতাৰত এই আক্ৰমণৰ সুবিধা অথলে যাবলৈ নিদিলে বৰ্তমান বিজেপিৰ এক অন্যতম নেতা হিমন্ত বিশ্ব শৰ্মাই ।