ETV Bharat / bharat

ত্ৰিপুৰাত 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা'ৰ শুভাৰম্ভ - বিভিন্ন নীতি উন্নত কৰা সন্দৰ্ভত পৰামৰ্শ

এতিয়াৰে পৰা মাত্ৰ এটা ফোন কলৰ জৰিয়তে অভিযোগ দাখিল কৰিব ত্ৰিপুৰাৰ জনতাই । ৰাজ্যখনৰ জনসাধাৰণৰ অভিযোগ কম সময়ৰ ভিতৰতে নিষ্পত্তিৰ কৰাৰ উদ্দেশ্যেৰে ত্ৰিপুৰা চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা' আৰম্ভ কৰা হৈছে ৰাজ্যখনত ।

CM Biplab Kumar Deb launches helpline for fast grievance redressal
ত্ৰিপুৰাত মুখ্যমন্ত্ৰী হেল্পলাইন সেৱাৰ শুভাৰম্ভণি কৰিলে বিপ্লৱ কুমাৰ দেৱে
author img

By

Published : Sep 7, 2021, 1:44 PM IST

নেশ্যনেল ডেস্ক, ৭ ছেপ্তেম্বৰ : সাধাৰণ জনতা আৰু চৰকাৰৰ মাজৰ ব্যৱধান কম কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ কৰা হৈছে 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা' । সোমবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা'ৰ শুভাৰম্ভ কৰে । মাত্ৰ ১৯০৫ নম্বৰত ফোন কৰি নিজৰ সমস্যাৰ বিষয়ে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জনাব পাৰিব । জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

CM Biplab Kumar Deb launches helpline for fast grievance redressal
ত্ৰিপুৰাত মুখ্যমন্ত্ৰী হেল্পলাইন সেৱাৰ শুভাৰম্ভণি কৰিলে বিপ্লৱ কুমাৰ দেৱে

'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা'ৰ বাবে মুকলি কৰি দিয়া নম্বৰত ফোন কৰি চৰকাৰৰ বিভিন্ন নীতি উন্নত কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব পাৰিব ৰাইজে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পোনপটীয়াকৈ সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰিব আৰু সকলো ফাইল মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সোমবাৰে কেৱল এই সেৱা উদ্বোধন কৰাই নহয়, তেওঁ জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ কথাও পাতে । লগতে বিভাগীয় বিষয়াসকলক এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল ।

এই সন্দৰ্ভত এগৰাকী পৰ্যবেক্ষকে কয় যে, এই পদক্ষেপে নাগৰিক আৰু চৰকাৰৰ মাজৰ ব্যৱধান হ্ৰাস কৰিব আৰু চৰকাৰৰ নীতি প্ৰস্তুতকৰণত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰিব । আনহাতে, এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াই কয় যে, জনসাধাৰণক তেওঁলোকৰ অভিযোগ দাখিল কৰাৰ বাবে এখন মঞ্চ আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই পদক্ষেপ লোৱা হৈছে ।

এই পদক্ষেপে শাসন ব্যৱস্থাৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব । কল চেণ্টাৰটো ইন্দ্ৰনগৰৰ আই টি ভৱনত স্থাপন কৰা হৈছে । 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা' উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ উন্নয়নক লৈ চলি থকা ৰাজনীতিৰ সমাপ্তি ঘটাব বিচাৰে । তেওঁ কয় যে, তেওঁ দুজন লোকৰ সৈতে কথা পাতিছে ।

ৰাণীৰবজাৰৰ পৰা এজন লোকে আৰু ইন্দ্ৰনগৰৰ পৰা আন এজন ব্যক্তিয়ে ফোন কৰিছিল । মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে কথা পাতে । তেওঁৰ মতে, ৰাজনীতি নিৰ্বাচনৰ সময়লৈকে সীমাবদ্ধ থাকিব লাগে আৰু তাৰ পিছত ৰাইজৰ স্বাৰ্থত চৰকাৰে কাম কৰা উচিত ।

লগতে পঢ়ক: আত্মহত্যাৰ বাবে প্ৰৰোচনা : আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.