নিউজ ডেস্ক: পঞ্জাৱ কেবিনেট সম্প্ৰসাৰণ কৰাৰ পাচতে মঙলবাৰে ভগৱত মন(CM Bhagwant Mann) মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হয় ৷
সেই অনুসৰি হৰপাল সিং চিমাক বিত্ত, পৰিকল্পনা, ৰূপায়ণ, আবকাৰী আৰু কৰ বিভাগৰ দ্বায়িত্ব অৰ্পন কৰা হয় ৷ বলজিৎ কৌৰক সামাজিক সুৰক্ষা, মহিলা আৰু শিশু বিকাশৰ উপৰিও সামাজিক ন্যায় সৱলীকৰণ আৰু সংখ্যালঘু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হিচাবে দ্বায়িত্ব অৰ্পন কৰা হয় ৷

লাল চান্দক খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ লগতে বন বিভাগ আৰু বন্যপ্ৰাণীৰ দ্বায়িত্ব অৰ্পন কৰা হৈছে ৷ ইফালে গুৰমীত সিং মিট হেয়াৰক অৰ্পন কৰা হৈছে শাসন সংস্কাৰ, প্ৰিণ্টিং আৰু ষ্টেচনাৰী, বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ, লগতে ক্ৰীড়া আৰু যুৱ সেৱা সেৱাৰ লগতে শিক্ষা বিভাগ ।

কুলদীপ সিং ধলিৱালক গ্ৰামোন্নয়ন, প্ৰবাসী বিষয়ক, কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী হিচাবে দ্বায়িত্ব অৰ্পন কৰাৰ লগতে পৰিবহণ, পশুপালন, মীন আৰু দুগ্ধ উন্নয়ন বিভাগৰ দ্বায়িত্ব অৰ্পন কৰা হৈছে ললিত ভুল্লাৰক ৷

ৰাজহ, পুনৰ্বাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা, পানী আৰু অনাময় ব্যৱস্থাৰ মন্ত্ৰী হিচাপে ব্ৰহ্মশংকৰক দ্বায়িত্ব অৰ্পন কৰাৰ লগতে হৰজিৎ সিং বেইনক জলসম্পদ, খনি আৰু ভূতত্ত্ব, কাৰাগাৰ, বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী হিচাবে দ্বায়িত্ব অৰ্পন কৰা হৈছে ৷ অমন আৰোৰাক তথ্য আৰু জনসংযোগ বিভাগ, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নকে ধৰি তিনিটা বিভাগ প্ৰদান কৰা হয় ৷ ড৹ ইন্দৰবীৰ সিং নিজাৰক স্থানীয় সংস্থা, সংসদীয় পৰিক্ৰমা, ভূমি আৰু জল সংৰক্ষণ আৰু প্ৰশাসনিক সংস্কাৰৰ দায়িত্ব প্ৰদান কৰা হয় ৷
ফৌজা সিঙক খাদ্য প্ৰক্ৰিয়াকৰণ, উদ্যান শস্য আৰু স্বাধীনতা সংগ্ৰামী আৰু সৈনিক কল্যাণ বিভাগ প্ৰদান কৰা হয় ৷ চেতন সিং জোদামাজ্ৰাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, নিৰ্বাচন আৰু চিকিৎসা শিক্ষা আৰু গৱেষণাৰ পৰ্টফলিঅ’ প্ৰদান কৰা হয় ৷ আনমোল গগন মানক পৰ্যটন আৰু সংস্কৃতি বিভাগ, শ্ৰম বিভাগ, অভিযোগ নিষ্পত্তি আৰু বিনিয়োগ প্ৰসাৰ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
লগতে পঢ়ক: সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাবে নিযুক্ত