নেশ্যনেল ডেস্ক,২০ আগষ্ট: শনিবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ ডেৰাডুনত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ(Uttarakhand cloudburst) । ডেৰাডুনৰ ৰায়পুৰ খণ্ডৰ চাৰখেত গাঁৱত পুৱা প্ৰায় ২.৪৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ(Cloudburst in Dehradun Uttarakhand) । SDRF এ বিস্ফোৰণৰ খবৰ পোৱা মাত্ৰকে উপস্থিত হয় ঘটনাস্থলীত । SDRF এ জনোৱা অনুসৰি গাঁওখনত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ লগতে কিছু সংখ্যকে আশ্ৰয় লয় সমীপৰ ৰিজৰ্টত ।
ইফালে শুকুৰবাৰৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ডেৰাডুনৰ বিখ্যাত তপকেশ্বৰ মহাদেৱ মন্দিৰৰ কাষেৰে বৈ অহা তামাচা নদীয়ে এক দুৰ্দান্ত ৰূপ ধাৰণ কৰিছে । যাৰ ফলত মাতা বৈষ্ণো দেৱী গুহা যোগ মন্দিৰ আৰু তপকেশ্বৰ মহাদেৱৰ মন্দিৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । বৰ্তমানলৈকে কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি জানিবলৈ দিয়ে মন্দিৰৰ প্ৰতিষ্ঠাপক আচাৰ্য বিপিন যোশীয়ে ।
আনহাতে শনিবাৰে জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ কাটৰা চহৰৰ মাতা বৈষ্ণো দেৱী শ্ৰাইনৰ ওচৰত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি হয় । ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানপানীৰ পৰিপ্ৰেক্ষিতত, মাতা বৈষ্ণো দেৱী মন্দিৰত ভক্তসকলৰ উৰ্ধমুখী চলাচল কিছু সময়ৰ বাবে বন্ধ কৰা হয় । ইয়াৰ পৰিৱৰ্তে তললৈ অহা তীৰ্থযাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয় । আৰক্ষী আৰুCRPF মোতায়েন কৰি তীৰ্থযাত্ৰী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে ।
লগতে পঢ়ক: দেশত প্ৰস্তুত কৰা প্ৰথমটো মাংকিপক্স টেষ্ট কিট মুকলি