নেশ্যনেল ডেস্ক,৭ জুলাই : প্ৰকৃতিৰ ৰোষত দেৱভূমি উত্তৰাখণ্ড । বিগত ২৪ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে । এনে এক পৰিৱেশৰ মাজতে সীমান্তৱৰ্তী জিলা পিথোৰাগড়ৰ ধাৰচুলা তহচিলৰ দূৰৱৰ্তী চল গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ফলত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰিছে । বাট-পথ আৰু দলং আদি বানে উটুৱাই লৈ গৈছে ।
জানিব পৰা মতে দাৰ্মা উপত্যকাত ২০০ ৰো অধিক লোক আবদ্ধ হৈ আছে । ইতিমধ্যে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল ঘটনাস্থলী লৈ ৰাওনা হৈছে । কিন্তু দুৰ্ভাগ্যৱশত উদ্ধাৰকাৰী দলবোৰো আবদ্ধ হৈ আছে ।
আৰক্ষী অধীক্ষক লোকেশ্বৰ সিঙৰ মতে নলাৰ মাজেৰে প্ৰচুৰ পানী নামি অহাৰ ফলত গাঁওখন জলমগ্ন হৈ পৰিছে । যাৰ বাবে বাহিৰৰ জগতৰ লগত গাঁওখনৰ যোগাযোগ বন্ধ হৈ পৰিছে । আৰক্ষী অধীক্ষকৰ মতে এনডিআৰএফ-এছডিআৰএফ আৰু উদ্ধাৰকাৰী দলসমূহক গাঁওখনলৈ প্ৰেৰণ কৰা হৈছে । গাওঁবাসীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । একে সময়তে, গাঁওবাসীয়ে ডাৱৰ বিস্ফোৰণৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কৈছে ।
ইফালে ডেৰাডুনত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বহু ঠাই জলমগ্ন হৈ পৰিছে । আনকি বহু স্থানত ৰাস্তাত থকা বাহনবোৰো পানীত উটি গৈছে । বানে একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পিথোৰাগড় জিলাত হোৱা বৰষুণৰ ফলত বহু ঠাইত পাহাৰ খহি পৰিছে আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । ফলত বহু বাট-পথ বন্ধ কৰি দিয়া হৈছে ।
এনে পৰিস্থিতিত স্থানীয় লোকসকলে যাতায়তৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সন্মুখীন হৈছে । অৱশ্যে, পথবোৰ মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰিবলৈ বিআৰঅ' আৰু পিডব্লিউডি দলবোৰে নিৰন্তৰভাৱে কাম কৰি আছে ।
লগতে পঢ়ক :Fire in Falaknuma Express : ফলকনুমা এক্সপ্ৰেক্সত অগ্নিকাণ্ড, জ্বলি নিঃশেষ কেইবাটাও ডবা