ETV Bharat / bharat

ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক : ইন্দিৰা বেনাৰ্জী

author img

By

Published : Sep 30, 2022, 7:39 PM IST

সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীষ ৰঞ্জন গগৈৰ (Former Chief Justice of India Ranjan Gogoi) বিৰুদ্ধে তেওঁৰেই এগৰাকী মহিলা কৰ্মচাৰীয়ে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা হোৱাটো উচিত বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে ৷

CJI Gogoi sexual harassment case report should have been made public- Justice Indira Banerjee
ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক- অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে (Retired SC judge Indira Banerjee ) সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীষ ৰঞ্জন গগৈৰ ( Former Chief Justice of India Ranjan Gogoi) বিৰুদ্ধে তেওঁৰেই এগৰাকী মহিলা কৰ্মচাৰীয়ে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা হোৱাটো উচিত বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷

অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীৰ মতে, যৌন নিৰ্যাতনৰ বিষয়টোৱে জনমানসত সৃষ্টি কৰা সন্দেহ আৰু বিভ্ৰান্তিৰ অন্ত পেলোৱাৰ স্বাৰ্থতে তিনিগৰাকী ন্যায়াধীশক লৈ গঠিত তদন্ত কমিটিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা হোৱাটো উচিত আছিল (CJI Gogoi sexual harassment case)৷ বাৰ আৰু বেঞ্চ (Bar and Banch) নামৰ ৱেব পৰ্টেলটোৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ন্যায়াধীশ বেনাৰ্জীয়ে তেওঁৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যে, তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ এগৰাকী তলতীয়া কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগটো পৰীক্ষা কৰাৰ বাবে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) এছ এ ববডেক (Justices SA Bobde ) অধ্যক্ষ হিচাপে লৈ গঠন কৰা সমিতিখনত অন্যতম সদস্য আছিল ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী ৷

চলিত বৰ্ষৰ 23 ছেপ্টেম্বৰত ন্যায়াধীশ বেনাৰ্জীয়ে অৱসৰ গ্ৰহণ কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ তদন্ত সমিতিৰ অন্যান্য সদস্যসকল আছিল ক্ৰমান্বয়ে ন্যায়াধীশ এন ভি ৰামান্না আৰু ন্যায়াধীশ ইন্দু মালহোত্ৰা৷ন্যায়াধীশ বেনাৰ্জীয়ে লক্ষণীয়ভাৱে তেওঁৰ সাক্ষাৎকাৰত কয়, "প্ৰকৃততে অভিযোগকাৰীৰ ক্ষেত্ৰত যৌন নিৰ্যাতন সংঘটিত হৈছিল নে নাই সেই পৰীক্ষা কৰিবলৈ সদন্ত সমিতি গঠন হোৱা নাছিল, বৰং গগৈৰ তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ জোখাৰে তেওঁ কিবা অপৰাধ কৰিছিল নেকি সেইয়া চাবলৈহে সমিতি গঠন কৰা হৈছিল ৷"

তদন্ত প্ৰতিবেদনত সন্নিৱিষ্ট কথাখিনি তেওঁ নিজেই লিখিছিল বুলি দাবী কৰি ন্যায়াধীশ বেনাৰ্জীয়ে তদন্ত সমিতিৰ অধ্যক্ষ ন্যায়াধীশ এছ এ ববডেয়ে প্ৰতিবেদনত কেতিয়াও প্ৰকাশ নহ’ব বুলি ইংগিত দিয়া বুলিও সাক্ষাৎকাৰটোত সদৰী কৰে ৷ আজি নহ’লে কাইলৈ চাকৰি জীৱনত নহ’লে অৱসৰৰ পিছত অথবা জীৱনকালত নহ’লে মৃত্যুৰ পিছত হ’লও এই প্ৰতিবেদনখন প্ৰকাশ হ’ব বুলি বিশ্বাস কৰিয়েই ইয়াক প্ৰস্তুত কৰা হৈছিল বুলি জানিবলৈ দি ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে কয়,"ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ আছিল বাবেই কথাবোৰ গাপ দিয়া হৈছিল বুলি কোনও যাতে ক’ব নোৱাৰে" ৷

এক প্ৰশ্নৰ উত্তৰত বেনাৰ্জীয়ে তাৎপৰ্যপূৰ্ণভাৱে দোহাৰে যে, চাৰিটা ৱেবছাইটত যৌন নিৰ্যাতনৰ অভিযোগটো প্ৰকাশ হোৱাৰ পিছতেই মুখ্য ন্যয়াধীশ গগৈয়ে নিজৰ অধ্যক্ষতাত বিশেষ বৈঠক অনুষ্ঠিত কৰা কথাটো পৰা আঁতৰি থকাটো উচিত আছিল ৷

প্ৰণিধানযোগ্য যে, 2019 চনৰ এপ্ৰিল মাহত দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে তেওঁৰেই কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছিল ৷ পৰৱৰ্তী পৰ্যায়ত গগৈক আভ্যন্তৰীণ অনসন্ধান সমিতিয়ে নিৰ্দোষী বুলি প্ৰতিবেদন দিয়ে ৷ এই তদন্ত প্ৰতিবেদনক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰ মন্তব্য নিতান্তই প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক: ন্যায়াধীশে জামিনৰ বিপৰীত মন্তব্য কৰাৰ বাবেই আত্মহত্যা অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.