ETV Bharat / bharat

CJI Chandrachud : আইনী ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ - Unfinished Legacy of Dr BR Ambedkar

ভাৰতৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে মেছাচুছেটছৰ ৱালথামৰ ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ত 'প্ৰতিনিধিত্বৰ বাহিৰত সংস্কাৰ : ঐতিহাসিক ভুলৰ প্ৰতিকাৰত সংবিধানৰ সামাজিক জীৱন' শীৰ্ষক ভাষণ প্ৰদান কৰে । তেওঁ কয় যে সমগ্ৰ ইতিহাসত প্রান্তিক সামাজিক গোটসমূহ ভয়ংকৰ অন্যায়ৰ সন্মুখীন হৈছে । যিবোৰ প্ৰায়ে কুসংস্কাৰ, বৈষম্য আৰু অসমান শক্তিৰ গতিশীলতাৰ পৰা উদ্ভৱ হয় ।

আইনী ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ
CJI Chandrachud
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 6:46 PM IST

নিউজ ডেস্ক, ২৩ অক্টোবৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে দুৰ্ভাগ্যবশত আইনী ব্যৱস্থাই প্ৰায়ে উপেক্ষিত সামাজিক গোটবোৰৰ বিৰুদ্ধে 'ঐতিহাসিক অন্যায়' চিৰস্থায়ী কৰাত এক 'গুৰুত্বপূৰ্ণ ভূমিকা' পালন কৰিছে । আনহাতে, ইয়াৰ ফলত হোৱা ক্ষতি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অব্যাহত থাকিব পাৰে । চন্দ্ৰচূড়ে দেওবাৰে মেছাচুছেটছৰ ৱালথামৰ ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ত ডঃ বি আৰ আম্বেদকাৰৰ অসমাপ্ত উত্তৰাধিকাৰৰ ওপৰত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মূল ভাষণ প্ৰদান কৰি এনেদৰে কয় ।

'ৰিফৰ্মেচন বিয়ণ্ড ৰিপ্ৰেজেণ্টেচন: দ্য ছ'চিয়েল লাইফ অব দ্য কনষ্টিটিউচন ইন ৰিমেজিং হিষ্টৰিকেল ৰংছ' অর্থাৎ 'প্ৰতিনিধিত্বৰ বাহিৰত সংস্কাৰ : ঐতিহাসিক ভুলৰ প্ৰতিকাৰত সংবিধানৰ সামাজিক জীৱন' শীৰ্ষক ভাষণত চন্দ্ৰচূড়ে কয় যে সমগ্ৰ ইতিহাসত প্রান্তিক সামাজিক গোটবোৰ ভয়ংকৰ অন্যায়ৰ সন্মুখীন হৈছে । যিবোৰ প্ৰায়ে কুসংস্কাৰ, বৈষম্য আৰু অসমান ক্ষমতাৰ গতিশীলতাৰ পৰা উদ্ভৱ হয় ।

লাখ লাখ আফ্ৰিকানক বলপূৰ্বক উৎখাত কৰা নিষ্ঠুৰ দাস ব্যৱসায়, স্থানীয় আমেৰিকাৰ স্থানান্তৰ, ভাৰতৰ লাখ লাখ পিছপৰা জাতিক প্ৰভাৱিত কৰা জাতিগত অসমতাৰ পৰা আৰম্ভ কৰি ভাৰতৰ থলুৱা আদিবাসী সম্প্ৰদায়ৰ অত্যাচাৰ, মহিলা, এলজিবিটিকিউআই ব্যক্তি আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত প্ৰণালীবদ্ধ অত্যাচাৰৰ পৰা ইতিহাস গভীৰ অন্যায়ৰ উদাহৰণেৰে কালিমাযুক্ত ।" তেওঁ কয় ।

দুৰ্ভাগ্যবশত আইনী ব্যৱস্থাই প্ৰায়ে প্রান্তিক সামাজিক গোটবোৰৰ বিৰুদ্ধে ঐতিহাসিক অন্যায়বোৰ স্থায়ী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ কিছুমান ঠাইতো দাসত্বক বৈধতা দিয়া হৈছিল । তেওঁ কয় । তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত দাসত্ব প্ৰতিষ্ঠানক সমৰ্থন কৰা বৈষম্যমূলক আইনৰ সংহিতাকৰণৰ পৰা আমেৰিকান দক্ষিণত পৃথকীকৰণ প্ৰয়োগ কৰা জিম ক্ৰ' আইনৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া লোকসকলক লক্ষ্য কৰি বলপূৰ্বক আত্মীকৰণ নীতিলৈকে, কিছুমান সম্প্ৰদায়ক প্ৰণালীবদ্ধভাৱে অত্যাচাৰ আৰু প্ৰান্তীয় কৰাৰ বাবে আইনী আন্তঃগাঁথনিক সঘনাই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ।

তদুপৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত দুয়ো ঠাইতে নিপীড়িত সম্প্ৰদায়সমূহক দীঘলীয়া সময়ৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল । এনেদৰে এক প্ৰতিষ্ঠান হিচাপে আইনক প্ৰচলিত ক্ষমতাৰ গাঁথনি বৰ্তাই ৰাখিবলৈ আৰু বৈষম্যক প্ৰতিষ্ঠানিক ৰূপ দিবলৈ ব্যৱহাৰ কৰা হৈছিল । যাৰ ফলত অন্যায়ৰ এক স্থায়ী উত্তৰাধিকাৰ এৰি থৈ গৈছে, যিয়ে এই গোট আৰু সম্প্ৰদায়বোৰৰ জীৱনৰ আকাৰ দিছে ।

লগতে পঢ়ক :Beautification of Gyanvapi : সম্ৰাজ্ঞী বাইজা বায়ে কৰিছিল জ্ঞানবাপীৰ সৌন্দৰ্যবৰ্ধন: জ্যোতিৰাদিত্য সিন্ধিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.