নতুন দিল্লী, 15 ডিচেম্বৰ: কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে মঙলবাৰে নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা জব্দ কৰে । ভাৰতীয় মুদ্ৰাৰ হিচাপত বিদেশী মুদ্ৰা আছিল ২১ লাখ টকা । বিমানবন্দৰত ৰাতিপুৱা পাঁচজন CISFৰ কৰ্মীয়ে চিকিউৰিটি হ'ল্ড এলেকাত এজন যাত্ৰীক সন্দেহজনক ভাৱে বিচৰণ কৰি থকা দেখিছিল ৷ তাৰ পাচত যাত্ৰীজনৰ আচৰণৰ নিৰীক্ষণ কৰি সন্দেহৰ ভিত্তিত আটক কৰা হৈছিল ৷
CISFৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আটক কৰা যাত্ৰীজন এজন ভাৰতীয় নাগৰিক ৷ এয়াৰ ইণ্ডিয়াৰ বিমানৰ AI-1306ৰ জৰিয়তে টকিঅ‘লৈ যাত্ৰা কৰাৰ বাবে সাজু হৈছিল যাত্ৰীজন ৷ যেতিয়া তেওঁৰ বেগসমূহ পৰীক্ষা কৰা হৈছিল তেতিয়া বেগৰ ভিতৰত সন্দেহজনক বস্তু লক্ষ্য কৰিছিল CISFয়ে । তাৰ পাচতে CISFৰ কৰ্মীয়ে সেই যাত্ৰীগৰাকীৰ হেণ্ডবেগৰ ভিতৰত বিদেশী মুদ্ৰাৰ এক সন্দেহজনক ছবি লক্ষ্য কৰিছিল আৰু লগে লগে বেগটো জব্দ কৰিছিল ৷ পৰীক্ষা কৰাৰ সময়ত, যাত্ৰীজনে বিদেশী মুদ্ৰা বহন কৰাৰ বাবে কোনো বৈধ নথি পত্ৰ দেখুৱাব নোৱাৰাত এম ডি আনসাৰ আলী নামৰ যাত্ৰী জনক আটক কৰে CISFয়ে ৷
লগতে পঢ়ক: তেজপুৰত যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হ'ল এখন ৰে'ল