ETV Bharat / bharat

CISF personal shoot himself at Kolkata: বিমানবন্দৰতে গুলীয়াই আত্মহত্যা চি আই এছ এফ কৰ্মীৰ - CISF personnel shot himself dead at Netaji Subhas Chandra Bose International Airport in Kolkata

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অঘটন । এজন চি আই এছ এফ কৰ্মীয়ে বিমানবন্দৰতে গুলীয়াই আত্মহত্যা কৰিছে (CISF personnel shot himself dead at Netaji Subhas Chandra Bose International Airport) ।

kolkata
CISF personal shoot himself at Kolkata:চিআইএছএফ কৰ্মীৰ গুলীয়াই আত্মহত্যা
author img

By

Published : Jul 23, 2022, 12:16 PM IST

নেচনেল ডেস্ক,২৩ জুলাই:কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অঘটন । ঘটনাৰ বিৱৰণী অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এজন চি আই এছ এফ কৰ্মীয়ে গুলীয়াই আত্মহত্যা কৰিছে (CISF personnel shot himself dead at Netaji Subhas Chandra Bose International Airport in Kolkata)।

আৰক্ষীয়ে জনোৱা মতে,শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত বিমানবন্দৰৰ কৰ্মচাৰীৰ বাবে নিৰ্ধাৰিত বেছমেণ্টৰ শৌচালয়ত পংকজ কুমাৰ নামৰ এজন উপ-পৰিদৰ্শকৰ মৃতদেহ তেজেৰে লুটুৰি-পুটুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

বিমানবন্দৰৰ নিৰাপত্তাকৰ্মীসকলে গুলীবৰ্ষণৰ শব্দ শুনি শৌচালয়লৈ দৌৰি যোৱাৰ পিছত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰে । তেওঁৰ কপালত বন্দুকৰ গুলীৰ আঘাত আছে আৰু তেওঁৰ চাৰ্ভিচ পিষ্টলটো মৃতদেহৰ কাষত পৰি থকা বুলি আৰক্ষীয়ে কয় । পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পংকজ কুমাৰে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া জানিবলৈ আৰক্ষীয়ে তেওঁৰ সহকৰ্মী আৰু বিমানবন্দৰৰ আন কৰ্মচাৰীসকলক সোধা-পোছা কৰি আছে (Sub inspector Pankaj Kumar shot himself)। ইতিমধ্য়ে অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছে । অৱশ্য়ে ঘটনাটো যাত্ৰী চলাচল ক্ষেত্ৰৰ পৰা আঁতৰত সংঘটিত হৈছিল বাবে বিমানবন্দৰৰ কাম-কাজত কোনো বাধা সৃষ্টি কৰা নাছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

লগতে পঢ়ক:Nijjar killed a Hindu priest: খালিস্তানী সন্ত্ৰাসবাদী নিজ্জাৰৰ মূৰৰ দাম ১০ লাখ ঘোষণা NIAৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.