ETV Bharat / bharat

Honeytrap: পাকিস্তানী মহিলাৰ হানিট্ৰেপিঙৰ বলি চিআইএছএফ কনিষ্টবল

পুনৰ পাকিস্তানী মহিলাৰ ছলনাত চিআইএছএফ কনিষ্টবল ৷ ইতিমধ্যে অচিনাকী বান্ধৱীৰ বহুতো তথ্যই সদৰী কৰিছিল কনিষ্টবলজনে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷

CISF constable in Pakistani woman Honeytrap
পাকিস্তানী মহিলাৰ চলনাত চিআইএছএফ কনিষ্টবল
author img

By

Published : Aug 8, 2023, 10:57 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট : পুনৰ হানিট্ৰেপিঙৰ চাঞ্চল্যকৰ ঘটনা ৷ এইবাৰ পুনৰ পাকিস্তানী মহিলাৰ ছলনাত চিআইএছএফ কনিষ্টবল ৷ বিশাখাপত্তনম জিলাত সংঘটিত হোৱা এই ঘটনাই সকলোৰে টোপনি হৰিছে ৷ জানিব পৰামতে ইতিমধ্যে কনিষ্টবলজনে বহুতো গোপন তথ্য শ্বেয়াৰ কৰিছিল অনলাইন বান্ধৱীৰ সৈতে ৷

বিসখা ষ্টীল প্ৰকল্পত নিৰাপত্তা কৰ্তব্যত চি.আই.এছ.এফ. কনিষ্টবল কপিল কুমাৰ আৰু জগদীশ বয় মুৰাৰীক ইতিমধ্যে আটক কৰা হৈছে ৷ সামাজিক মাধ্যমৰ জৰিয়তে কপিলে তামিশা নামৰ এগৰাকী পাকিস্তানী যুৱতীক লগ পাইছিল ৷ দুয়োয়ে প্ৰায় নগ্ন ভিডিঅ' কল কৰিছিল ৷

কপিলৰ গতিবিধিৰ ওপৰৰত সন্দেহ হোৱাত উৰ্ধ্বতম কৰ্তৃপক্ষই কপিলক নিৰীক্ষণ কৰিছিল ৷ তাৰ পিচতে প্ৰাথমিক অনুসন্ধানত বহু প্ৰমাণ পোহৰলৈ আহে ৷ এইসূমহৰ ওপৰত ভিত্তি কৰি সম্প্ৰতি কপিলক আটক কৰি জেৰা কৰা হৈছে ৷

গুজৰাটৰ কপিল কুমাৰে প্ৰথমে হায়দৰাবাদৰ 'ভাৰত ডাইনামিক্স লিমিটেড'ত কাম কৰিছিল ৷ তাৰ পিচত, তেওঁ 2 আগষ্ট, 2022 ত বিসখা ষ্টীল প্ৰকল্প সুৰক্ষাত যোগদান কৰে ৷ বৰ্তমান চি.আই.এছ.এফ.ৰ অগ্নি নিৰ্বাপক বিভাগত কৰ্মৰত কপিল ৷ কপিলে দুবছৰৰ পূৰ্বে ফেচবুকৰ জৰিয়তে তামিশাৰ সৈতে পৰিচয় হৈছিল ৷

উল্লেখ্য যে তামিশা এটা সন্ত্ৰাসবাদী সংগঠনৰ এজন জ্যেষ্ঠ নেতাৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ শীৰ্ষ বিষয়াসকলে সন্দেহ কৰা অনুসৰি, যোৱা দুবছৰ ধৰি কপিলৰ পৰা ইস্পাত প্ৰকল্পৰ বিষয়ে গোপনীয় তথ্য লীক কৰিছিল ৷

পাকিস্তানী চোৰাংচোৱা সংস্থাই যুৱতীগৰাকীৰ জৰিয়তে হানি ট্ৰেপিঙেৰে ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে সম্পৰ্কিত তথ্য গ্ৰহণ কৰিবলৈ এই ছলনা কৰিছিল ৷

যদিও কপিল বিবাহিত, তেওঁ বৰ্তমান চি.আই.এছ.এফ. বেৰেকত অকলে বাস কৰিছিল ৷ যেতিয়া তেওঁৰ ফোনকেইটা ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই জানিব পাৰিছিল যে কিছু সময়ৰ বাবে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানক গোপন তথ্য প্ৰেৰণ কৰা হৈছিল ৷ যেতিয়া উৰ্ধ্বতন বিষয়াই কপিলৰ সৈতে ফোনৰ যোগাযোগ থকা নম্বৰসমূহৰ পৰীক্ষা কৰে, তেতিয়া তামিশাৰ নামত এটা নম্বৰ ছেভ হৈ থকা দেখিছিল ৷ ইফালে 1 আগষ্টত কপিলৰ দুটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছিল যদিও 4 আগষ্টত কপিলৰ হাতত আন এটা এণ্ড্ৰইড ফোন থকাৰ কথা পোহৰলৈ আহে ৷

লগতে পঢ়ক: hoax call to Mantralaya in Mumbai : মন্ত্ৰালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ ভুৱা ফোন; আটক ৬১ বছৰীয়া ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.