ETV Bharat / bharat

G20 Summit in Delhi : দিল্লীত জি২০ সন্মিলনত উপস্থিত নাথাকিব পাৰে চীনৰ ৰাষ্ট্ৰপতি ! - Xi Jinping to skip G20 Summit in Delhi

চি জিনপিঙৰ হৈ চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে নতুন দিল্লীত ৯-১০ ছেপ্টেম্বৰৰ বৈঠকত বেইজিঙক প্ৰতিনিধিত্ব কৰিব বুলি আশা কৰা হৈছে ।

G20 Summit in Delhi
G20 Summit in Delhi
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:31 PM IST

নিউজ ডেস্ক, ৩১ আগষ্ট : অহা সপ্তাহত ভাৰতত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলন এৰাই চলাৰ সম্ভাৱনা আছে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙৰ । ভাৰত-চীনৰ বিষয়ৰ সৈতে সম্পৰ্কিত এক সূত্ৰৰ উদ্ধৃতি দি ৰয়টাৰ্ছে এই কথা প্ৰকাশ কৰিছে । আনহাতে, চি জিনপিঙৰ হৈ চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে নতুন দিল্লীত ৯-১০ ছেপ্টেম্বৰৰ বৈঠকত বেইজিঙক প্ৰতিনিধিত্ব কৰিব বুলি আশা কৰা হৈছে । দুজন ভাৰতীয় বিষয়া, চীনত থকা এগৰাকী কূটনীতিবিদ আৰু আন এখন জি-২০ দেশৰ চৰকাৰৰ হৈ কাম কৰা এগৰাকী বিষয়াই এই কথা জনোৱা বুলি প্ৰকাশ ।

অৱশ্যে এই সন্দৰ্ভত ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰসকলে মন্তব্য কৰাৰ পৰা বিৰত আছে । ৰয়টাৰ্ছৰ মতে, ভাৰতত জি-২০ সন্মিলনক এনে এক স্থান হিচাপে গণ্য কৰা হৈছিল, য'ত জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে মুখামুখী হোৱাৰ সম্ভাৱনা আছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁৰ উপস্থিতি নিশ্চিত কৰিছে । উল্লেখ্য যে আমেৰিকা আৰু চীন দুয়োখন মহাশক্তিধৰ দেশৰে মাজত বাণিজ্য আৰু ভূ-ৰাজনৈতিককে ধৰি বিভিন্ন কাৰণত তিক্ত সম্পৰ্ক চলি আছে ।

যোৱা বছৰ নৱেম্বৰত ইণ্ডোনেছিয়াৰ বালিত জি-২০ সন্মিলনৰ সময়ত জিনপিঙে অন্তিমবাৰৰ বাবে বাইডেনক লগ পাইছিল । ভাৰতৰ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই ৰয়টাৰ্ছক জনোৱা মতে, "আমি অৱগত যে জিনপিঙৰ ঠাইত প্ৰধানমন্ত্ৰী আহিব ।"

চীনে হঠাতে কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও বিদেশ ভ্ৰমণ কৰিছে । তাৰ ভিতৰত তেওঁ যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰে । সন্মিলনৰ পূৰ্বে ভাৰতত কেইবাখনো জি-২০ মন্ত্ৰীসভা বৈঠক অনুষ্ঠিত হৈছে । কিন্তু ৰাছিয়া আৰু চীনে একেলগে যুটীয়া বিবৃতিৰে কেইটামান বিষয়ত বিৰোধিতা কৰিছে । ইয়াৰে ভিতৰত যোৱা বছৰ ইউক্ৰেইন আক্ৰমণৰ বাবে মস্কোক গৰিহণা দিয়া প্ৰস্তাৱো অন্তৰ্ভুক্ত থকা বুলি ৰয়টাৰ্ছৰ সূত্ৰত প্ৰকাশ ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ সন্মিলনৰ সময়ত চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰে । তাত তেওঁ লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) অমীমাংসিত বিষয়সমূহত ভাৰতৰ উদ্বেগৰ ওপৰত আলোকপাত কৰে আৰু দুয়োগৰাকী নেতাই তেওঁলোকৰ সংশ্লিষ্ট বিষয়াসকলক দ্ৰুততাৰে সমস্যাবোৰ সমাধান কৰিবলৈ নিৰ্দেশ দিবলৈ সন্মত হয় ।

ইফালে পঞ্চদশ ব্ৰিকছ সন্মিলনত ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনৰ সময়ত ব্ৰিকছৰ আন নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰে যে ভাৰত-চীন সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে সীমান্ত অঞ্চলত শান্তি-শৃংখলা বজাই ৰখা আৰু এলএচিক পৰ্যবেক্ষণ আৰু সন্মান কৰাটো অপৰিহাৰ্য ।

লগতে পঢ়ক :G20 summit preparations : জি-২০ বৈঠকৰ বাবে কি প্ৰস্তুতি কৰিছে ভাৰতে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.