নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ: হাৰিয়ানাৰ পানিপথত অঘটন (Child death in Haryana)৷ খেলি থাকোঁতেই মেলি থৈ দিয়া কাপোৰত ফাঁচ লাগি এটি 13 বছৰীয়া কিশোৰৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে (child hang himself while playing)৷ ঘটনা অনুসৰি পশ্চিমবংগৰ ইছলামপুৰৰ এটা পৰিয়ালে প্ৰায় এবছৰ ধৰি পানীপথৰ ভালচি গাঁৱত তিনি সন্তানৰ সৈতে বাস কৰিছিল (Child mysterious death)৷
প্ৰতিদিনৰ দৰে ঘৰৰ গৃহস্থজন আজিও ৰঙৰ এটা প্ৰতিষ্ঠানত কামৰ বাবে ওলাই গৈছিল ৷ তেওঁৰ পত্নী আৰু তিনি সন্তান ঘৰতে আছিল ৷ তেওঁলোকৰ ডাঙৰ পুত্ৰ নাজিমে নামাজ পঢ়ি লগৰীয়াৰ লগত খেলিবলৈ গ’ল ৷ তেওঁলোক ঘৰৰ সমীপতে থকা এটা খালী কোৱাৰ্টাৰত খেলিবলৈ গৈছিল (Child death while playing)৷
খেলৰ মাজতে কোৱাৰ্টাৰ চাদত মেলি থৈ দিয়া কাপোৰত নাজিম আৱদ্ধ হৈ পৰে (13 years child death in Haryana)৷ নাজিমে যিমানেই নিজকে কাপোৰৰ পাকৰ পৰা উলিয়াবলৈ বিচাৰিছিল, সিমানেই কাপোৰখন ডিঙিত বেয়াকৈ গাঁঠি লাগি গৈছিল ৷ অৱশেষত নাজিমৰ ডিঙিত কাপোৰখন ইমানেই জোৰকৈ গাঁঠি লাগিল যে কিশোৰটোৱে উশাহ লব নোৱাৰা হৈ পৰিল ৷
ইফালে নাজিমৰ ঘৰৰ লোক সি বহুপৰলৈ ঘূৰি নহা দেখি চিন্তিত হয় ৷ তেওঁলোকে প্ৰথমে নাজিমলৈ অপেক্ষা কৰে যদিও বিয়লিলৈ কিশোৰটো ঘূৰি নহাত বিচাৰ খোচাৰ আৰম্ভ কৰে ৷
ঠিক তেনে সময়তে নাজিমৰ সৰু ভাতৃয়ে ককায়েকক ফাঁচ লাগি থকা দেখি চিঞৰ বাখৰ কৰে ৷ লগে লগে পৰিয়ালৰ লোকে নাজিমক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷ হাস্পতাললৈ নিয়াৰ সময়লৈ নাজিমৰ স্বাস-প্ৰস্বাস চলি আছিল ৷ কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে নাজিমৰ মৃত্যু হোৱাত চিকিৎসকে কিশোৰটোক মৃত বুলি ঘোষণা কৰে ৷ এই বাতৰিৰ পৰা সকলো অভিভাৱকে সাৱধানতা অৱলম্বন কৰা উচিত ৷ অন্যথা, আমাৰ এটা অৱহেলাৰ ফলত আমাৰ ল'ৰা-ছোৱালীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ব পাৰে ৷
লগতে পঢ়ক: Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়