ETV Bharat / bharat

ৰাজনাথ সিঙক সাক্ষাৎ নৱনিযুক্তি এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধাৰীৰ - মিগ ২৯ পাইলট

এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভদৌৰিয়াৰ পাছত ভাৰতীয় বায়ু সেনাৰ (IAF) পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে এয়াৰ মাৰ্শ্বেল ভি আৰ চৌধাৰীক । বুধবাৰে তেওঁ নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে ।

Air Marshal VR Chaudhari meets Rajnath Singh
ৰাজনাথ সিঙক সাক্ষাৎ নৱনিযুক্তি এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধাৰীৰ
author img

By

Published : Sep 23, 2021, 1:14 PM IST

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ : চীফ অৱ এয়াৰ ষ্টাফ এয়াৰ মাৰ্শ্বেল ভি আৰ চৌধাৰীয়ে (Air Marshal VR Chaudhari) বুধবাৰে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ( Rajnath Singh) সাক্ষাৎ কৰে । প্ৰতিৰক্ষাৰ বিভিন্ন বিষয়ত তেওঁলোকে বাৰ্তালাপ কৰে । উল্লেখ্য যে, এয়াৰ মাৰ্শ্বেল ভি আৰ চৌধাৰী এগৰাকী দক্ষ যুঁজাৰু বিমানৰ পাইলট ।

৩০ ছেপ্টেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভদৌৰিয়াৰ পাছত ভাৰতীয় বায়ু সেনাৰ (IAF) পৰৱৰ্তী মুৰব্বী হিচাপে চৌধাৰীক নিযুক্তি দিয়া হৈছে । চৌধাৰী বৰ্তমান এয়াৰ ষ্টাফৰ উপ প্ৰধান (Vice Chief of Air Staff) আৰু মুখ্য মিগ-২৯ যুঁজাৰু বিমানৰ এগৰাকী বিশেষজ্ঞ এচ মিগ-২৯ পাইলট । তেওঁ ২০২০ চনৰ ১ আগষ্টৰ পৰা ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুৰব্বী পদত অধিষ্ঠিত আছিল । ১৯৮২ চনৰ ২৯ ডিচেম্বৰত যুঁজাৰু পাইলট হিচাপে আইএএফৰ (IAF) ফাইটাৰ ষ্ট্ৰীমত নিযুক্তি দিয়া হৈছিল চৌধাৰীক ৷

চৌধাৰীয়ে প্ৰায় ৩৯ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে । তেওঁৰ ৩,৮০০ ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা আছে ৷ য'ত তেওঁ বিভিন্ন ধৰণৰ যুঁজাৰু আৰু প্ৰশিক্ষণ বিমান উৰুৱাইছে । ইফালে, বুধবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভদৌৰিয়াই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে ।

লগতে পঢ়ক : থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.