ETV Bharat / bharat

ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী মোডীক ক্ষুৰধাৰ সমালোচনা পি চিদাম্বৰমৰ - ক'ভিড

"মোডী হ্যে, মুমকিন হ্য" । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পিছতে এইবাৰ ৰন্ধন গেছৰো মূল্যবৃদ্ধিক হোৱাক লৈ প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোডীক এইদৰে কটাক্ষ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে ।

Chidambaram criticise PM Modi over LPG price hike
ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰধামমন্ত্ৰী মোডীক ক্ষুৰধাৰ সমালোচনা পি চিদাম্বৰমৰ
author img

By

Published : Jul 1, 2021, 8:01 PM IST

নেশ্যনেল ডেস্ক, ১ জুলাই : পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পাচত এইবাৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰো মূল্য । অৱশ্যে এয়া এদিনীয়া কথা নহয় । যোৱা কেইমাহমান ধৰি ৰন্ধন গেছৰ মূল্য বাঢ়ি আছে । এফালে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ ফলত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে, আনফালে পেট্ৰ'ল-ডিজেল বৰ্ধিত মূল্যৰ বাবে বাহনবোৰ চলোৱাৰ আগত চিন্তা কৰিবলগীয়া হৈছে ।

কেৱল এয়াই নহয়, এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পালে । এনে পৰিস্থিতিত বিৰোধী দল, বিভিন্ন সংগঠনে বিজেপি চৰকাৰকে দোষাৰোপ কৰিছে । কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে কংগ্ৰেছে । বৃহস্পতিবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে মূল্যবৃদ্ধিৰ বিৰোধিতা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে ।

তেওঁ কটাক্ষ কৰি কয় যে, মোডী থাকিলে সকলো সম্ভৱ । অৰ্থাৎ মোডী প্ৰধানমন্ত্ৰী হৈ থাকিলে এনেদৰে ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাতো একো আচৰিত হ'বলগীয়া কথা নহয় । উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান পেট্ৰ'লৰ মূল্য ১০০ টকাৰো বেছি হৈছে ।

  • Mr Modi’s government and LPG prices in 2020 to 2021:

    🔸Nov 30, 2020: ₹594
    🔸Dec 1, 2020: ₹644
    🔸Jan 1, 2021: ₹694
    🔸Feb 4, 2021: ₹719
    🔸Feb 15, 2021: ₹769
    🔸Mar 1, 2021: ₹819
    🔸July 1, 2021: ₹834

    Modi hai, mumkin hai!

    — P. Chidambaram (@PChidambaram_IN) July 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমৰ কয় যে, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে শাসন কৰি থকা সময়তে ২০২০ চনৰ নৱেম্বৰ মাহত ৰন্ধন গেছৰ মূল্য ৫৯৪ টকা আছিল চলিত বৰ্ষৰ ১ জুলাইত ৰন্ধন গেছৰ মূল্য হৈছেগৈ ৮৩৪ টকা । তেল কোম্পানীবোৰে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰিছে । তেওঁ দাঙি ধৰা তথ্য মতে, দিল্লীত এতিয়া প্ৰতিটো ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ মূল্য ৮৩৪.৫০ টকা । ৰন্ধন গেছৰ ক্ষেত্ৰত ১ জুলাইৰ পৰা সংশোধিত মূল্য প্ৰযোজ্য হৈছে ।

আনহাতে, বৃহস্পতিবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৮.৮১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.১৮ টকা । ১ মে'ত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৯০.৪০ টকা । যোৱা ৬০ দিনত প্ৰতি লিটাৰত ৮.৪১ টকা বৃদ্ধি হৈছে । একেদৰে, দিল্লীত ডিজেলৰ মূল্যও যোৱা দুমাহত প্ৰতি লিটাৰত ৮.৪৫ টকা বৃদ্ধি হৈছে ।

লগতে পঢ়ক:ইন্দ্ৰজাল: শত্ৰুৰ ড্ৰোণ প্ৰতিৰোধ কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.