নিউজ ডেস্ক, ১১ ডিচেম্বৰ : ছত্তীশগড়ত অব্যাহত আছে নক্সালবাদীৰ সন্ত্ৰাস । বিগত কেইমাহমান ধৰি নক্সালবাদীয়ে নিৰন্তৰভাৱে কিছু কূটাঘাতৰ ঘটনা সংঘটিত কৰি আহিছে । নক্সালবাদীয়ে তেনে এক ঘটনাৰে সুকমা জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । মাওবাদীয়ে নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি স্থাপন কৰা আইইডিৰ বিস্ফোৰণত দুগৰাকী সেনা আহত হয় ।
ঘটনা সন্দৰ্ভত সুকমাৰ এছ পি কিৰণ চৱনে কয় যে পথ নিৰ্মাণত নিৰাপত্তা প্ৰদানৰ বাবে কিস্তাৰাম আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ডাব্বামাৰ্কা আৰক্ষী শিবিৰৰ পৰা জিলা আৰক্ষী বাহিনী, চিআৰপিএফৰ ২১৭ নং বেটেলিয়ন আৰু কোব্ৰাৰ ২০৮ নং বেটেলিয়নৰ এটা যুটীয়া দল প্ৰেৰণ কৰা হৈছিল । ছালাটং অঞ্চলত তালাচী অভিযান চলাই উঠি সুৰক্ষা বাহিনীটো আগবাঢ়ি গৈ আছিল । কিন্তু সেই সময়তে পুৱা প্ৰায় ১০.১৫ বজাত ছালাটঙৰ ওচৰত সুৰক্ষা কৰ্মীৰ দলটোৰ নক্সালবাদীয়ে স্থাপন কৰা আইইডিৰ ওপৰত ভৰি পৰে । যাৰ ফলত আইইডি বিস্ফোৰণ হয় ।
এই বোমা বিস্ফোৰণৰ ফলত দুগৰাকী জোৱান আহত হয় । লগে লগে তেওঁলোক সহযোগীসকলে নিকটতম আৰক্ষী শিবিৰলৈ লৈ যায় । তাত আঘাতপ্ৰাপ্ত জোৱান দুগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । তাৰ পৰা সুকমা আৰক্ষীয়ে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বিমানেৰে নিয়াৰ প্ৰস্তুতি চলায় । জানিব পৰা মতে, দুয়োগৰাকী সোনা জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।
উল্লেখ্য যে মাওবাদীয়ে বস্তাৰ বিভাগৰ বিভিন্ন জিলাত নিৰাপত্তা বাহিনীৰ জোৱানসকলক আক্ৰমণ কৰিবলৈ সদায় আইইডি বোমা ব্যৱহাৰ কৰি আহিছে । ইয়াৰ ফলত সেনাবাহিনীৰ যথেষ্ট ক্ষতি হৈছে । ইয়াৰ পূৰ্বে নক্সালবাদীয়ে স্থাপন কৰা আইইডিৰ কবলত পৰিছে বস্তাৰৰ গাঁওবাসী আৰু পশুও । জানিব পৰা মতে, নক্সালবাদীৰ এই আইইডি বোমাটো অতি শক্তিশালী আছিল ।
লগতে পঢ়ক :বাৰাণসীৰ এটা পৰিয়ালৰ আত্মহত্যা: ভাবুকিৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণৰ সন্দেহ