ETV Bharat / bharat

আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা সম্ভাৱনা, কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:59 PM IST

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ কোন হ’ব ! আজি মুখ্যমন্ত্ৰী নাম ঘোষণা কৰা সম্ভাৱনা আছে । বিজেপি বিধায়িনী দলৰ বৈঠক আজি ৰায়পুৰত আৰম্ভ । বৈঠকত বিজেপি পৰ্যবেক্ষক সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু দুষ্মন্ত গৌতমে অংশগ্ৰহণ কৰে বৈঠকত ।

hhattisgarh CM Announcement Today
আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা সম্ভাৱনা

নিউজ ডেস্ক, 10 ডিচেম্বৰ : কোন হ’ব ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী ! যদিও কংগ্ৰেছক শাসন পৰা ওফৰাই বিজেপিয়ে ছত্তীশগড় দখল কৰিছে তথাপিও মুখ্যমন্ত্ৰী পদক লৈ চলি আছে ব্যাপক জল্পনা-কল্পনা ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা আজি 7 দিন হ’ল তাৰ পাচতো ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ঘোষণা কৰিব পৰা নাই বিজেপিয়ে ৷

  • विधायक दल की बैठक के लिए पार्टी के केंद्रीय नेतृत्व द्वारा नियुक्त पर्यवेक्षक केंद्रीय मंत्री द्वय श्री @MundaArjun जी व श्री @sarbanandsonwal तथा पार्टी के राष्ट्रीय महासचिव श्री @dushyanttgautam जी का भाजपा प्रदेश अध्यक्ष माननीय श्री @ArunSao3 जी ने भाजपा प्रदेश कार्यालय… pic.twitter.com/D8qX6v1tVW

    — BJP Chhattisgarh (@BJP4CGState) December 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে কেইবাজনলোক নাম ৷ শীৰ্ষত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান দলটোৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ড০ ৰমন সিং, অৰুণ চাও, বিশুদ্বেষ চাই, লতা উচেন্দি, ৰেণুকা সিং, গোমতী চাইৰ নাম ৷ ইফালে দলীয় আভ্যন্তৰীণ কন্দলে দেখা দিয়াৰ সম্ভাৱনা আছে বুলিও সন্দেহ কৰা হৈছে ৷

সেয়ে বিজেপি দলৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী বাচনিৰ বাবে এখন পৰ্যবেক্ষক কমিটি গঠন কৰি দিছে ৷ পৰ্যবেক্ষক কমিটিৰ বাচনি অনুসৰিয়ে ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, জটিল বিষয়টো সমাধানৰ বাবে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত হয় বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠকখন ৷

এই বৈঠকতে মুখ্যমন্ত্ৰী পদক লৈ থকা খামখেয়ালি দূৰ কৰি মুখ্যমন্ত্ৰীৰ নাম নিশ্চিত কাৰ সম্ভাৱনা আছে ৷ ৰায়পুৰৰ কুচাভাউ ঠাকৰে ৰাজ্যিক কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হৈছে বৈঠকখন ৷ ইফালে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দলত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু দুষ্মন্ত গৌতম আজি ৰায়পুৰত উপস্থিত হয় ৷ তিনি পৰ্যবেক্ষকৰ দল ৰায়পুৰ বিমান বন্দৰত উপস্থিত হোৱা লগে লগে বিজেপি নেতা আৰু কৰ্মীসকলে কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক আদৰণি জনায় ৷ বাতৰি লিখা পৰলৈকে তিনি পৰ্যবেক্ষকৰ উপস্থিতি বৈঠক আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নতুন চৰকাৰে শপত লোৱাৰ পূৰ্বে ছত্তীশগড়ত ২০ মাওবাদীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.