ETV Bharat / bharat

Chhattisgarh Assembly Monsoon Session : সুৰাক লৈ উত্তপ্ত ছত্তীশগড় বিধানসভা

author img

By

Published : Jul 19, 2023, 5:41 PM IST

ছত্তীশগড় বিধানসভাত বিষাক্ত সুৰাক লৈ তীব্ৰ হুলস্থূলীয়া পৰিৱেশ । বিষাক্ত সুৰা সেৱনৰ ফলত হোৱা মৃত্যুৰ বিষয়টোক লৈ বৰ্ষাকালীন অধিবেশনৰ প্ৰশ্নকালৰ সময়ত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয় । বিষাক্ত সুৰাৰ বাবে সেনা জোৱানৰ মৃত্যুৰ কথা অস্বীকাৰ চৰকাৰৰ । মন্ত্ৰী কাৱাচী লাখমাৰ উত্তৰক লৈ বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

Chhattisgarh Assembly Monsoon Session
Chhattisgarh Assembly Monsoon Session

নিউজ ডেস্ক, ১৯ জুলাই : সুৰা প্ৰসংগত উত্তপ্ত ছত্তীশগড় বিধানসভাৰ মজিয়া । উল্লেখ্য যে বৰ্তমান ছত্তীশগড় বিধানসভাৰ বৰ্ষাকালীন অধিবেশন চলি আছে । অধিবেশনৰ মাজতে বিষাক্ত সুৰাৰ বিষয়টোক লৈ বিধানসভাৰ মজিয়া উত্তপ্ত হৈ পৰে । ছত্তীশগড় বিধানসভাত প্ৰশ্নকালৰ সময়ত ৰাজ্যখনত বিষাক্ত সুৰাৰ ফলত এজন সেনা জোৱানসহ তিনিজন লোকৰ মৃত্যুৰ বিষয়টো উত্থাপন কৰা হয় । চৰকাৰৰ হৈ আবকাৰী মন্ত্ৰী কাৱাচী লাখমাই কয় যে সেনা জোৱানজন বিষাক্ত সুৰা পান কৰাৰ বাবে নহয়, বিষ পান কৰিহে মৃত্যুবৰণ কৰে ।

বিৰোধী দলৰ নেতা নাৰায়ণ চান্দেলে প্ৰশ্নকালত এই বিষয়টো সদনত উত্থাপন কৰিছিল । তেওঁ কয় যে বিষাক্ত সুৰা পান কৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে । কিন্তু চৰকাৰে বিষাক্ত সুৰাৰ ফলত কাৰোবাৰ মৃত্যুৰ কথাটো অস্বীকাৰ কৰি সদনক বিপথে পৰিচালিত কৰিছে । তেওঁ কয় যে ২০২৩ চনৰ ১৫ মে'ত নন্দলাল নামৰ এজন সেনা জোৱান আৰু সতীশ আৰু পৰশ ৰাম চাহু নামৰ আন দুজন লোকে বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যুবৰণ কৰে । আনহাতে, অকালতাৰা নামৰ এক স্থানতো বিষাক্ত সুৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :Cloudburst in Pithoragarh : উত্তৰাখণ্ডৰ চীনা সীমান্তত ডাৱৰ বিস্ফোৰণ; বিআৰঅ' দলং আৰু পথ ধ্বংস

কিন্তু মন্ত্ৰী লাখমাই কয় যে বিষাক্ত সুৰাৰ ফলত তেওঁলোকৰ কাৰো মৃত্যু হোৱা নাছিল । তেওঁ লগতে কয়, "সেনাৰ লোকজন বিষাক্ত সুৰা পান কৰাৰ বাবে নহয়, কিন্তু বিষ পান কৰাৰ বাবেহে মৃত্যুবৰণ কৰিছিল ।" বিৰোধী সদস্যসকলে এই কথাক সৈনিকজনৰ অপমান বুলি অভিহিত কৰে আৰু অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । ইয়াৰ পিছতে বিধানসভাৰ অধ্যক্ষ ডঃ চৰণ দাস মহন্তই কয় যে এই প্ৰশ্নটোৰ সম্পূৰ্ণ উত্তৰ সদনত অহা নাই । যাৰ কাৰণে ইয়াৰ সম্পূৰ্ণ উত্তৰ বৃহস্পতিবাৰে সদনত দিয়া উচিত বুলি অধ্যক্ষই কয় ।

লগতে পঢ়ক :Girlfriend Killed Boyfriend : ফেঁটীসাপৰ দংশনেৰে প্ৰেমিকাই হত্য়া কৰিলে প্ৰেমিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.