নিউজ ডেস্ক, ৯ জানুৱাৰী : আৰক্ষীয়ে অপৰাধীক দোষী সাব্যস্ত কৰাটো নিশ্চিত কৰিবলৈ আদালতত শক্তিশালী প্ৰমাণ দাখিল কৰিব বুলি আশা কৰা হয় (evidence ensuring conviction of criminals) । কিন্তু চেন্নাইৰ এখন আদালতত ড্ৰাগছ সৰবৰাহকাৰী গোচৰৰ শুনানিৰ (hearing of drug peddling case at Chennai court) সময়ত আৰক্ষীয়ে এক অদ্ভুত কাম কৰে । আৰক্ষীৰ এক উদ্ভট কাৰ্যৰ ফলত ড্ৰাগছ সৰবৰাহত অভিযুক্ত দুজনক আদালতে নিৰ্দোষ সাব্যস্ত কৰে (drugs smuggling accused acquitted by court) ।
আৰক্ষী সূত্ৰই কয় যে ২০১৮ চনত চেন্নাইৰ কয়েম্বেডু বাছ আস্থানত গাঞ্জা বিক্ৰী কৰাৰ বাবে চালেমৰ অভিযুক্ত কল্পনা আৰু বিশাখাপত্তনমৰ কুমাৰী আৰু নাগমণিক গ্ৰেপ্তাৰ কৰা হৈছিল । কয়ম্বেডু আৰক্ষীয়ে দাবী কৰে যে, তেওঁলোকে ধৃতকেইজনৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে (police seized ganja from paddler) ।
অৱশ্যে শনিবাৰে যেতিয়া আৰক্ষীয়ে জব্দ কৰা গাঞ্জাবোৰ ড্ৰাগছ সৰবৰাহৰ গোচৰৰ তদন্ত কৰা এখন বিশেষ আদালতৰ (special court for drug trafficking) সন্মুখত দাখিল কৰা হয়, তেতিয়া ন্যায়াধীশে তাত এক স্পষ্ট বিসংগতি লক্ষ্য কৰে । অভিযুক্ত দুজনৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা বুলি উল্লেখ কৰা এজাহাৰখনৰ বিপৰীতে আৰক্ষীয়ে আদালতৰ সন্মুখত মাত্ৰ ১৯ কিলোগ্ৰাম গাঞ্জাহে জমা দিয়ে ।
কিন্তু যেতিয়া ন্যায়াধীশে সংশ্লিষ্ট আৰক্ষী বিষয়াসকলক সোধে যে, গাঞ্জাৰ পৰিমাণ কেনেকৈ 30 কিলোগ্ৰামৰ পৰা 19 কিলোগ্ৰামলৈ হ্ৰাস পালে, তেতিয়া অনুসন্ধানকাৰীসকলে এক অদ্ভুত উত্তৰ দিয়ে । আৰক্ষীয়ে আদালতক জনায় যে জব্দ কৰা গাঞ্জাবোৰ পৰীক্ষাৰ বাবে আৰক্ষী থানাত ৰখা হৈছিল । কিন্তু যিহেতু বৰষুণৰ বাবে আৰক্ষী থানাৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে, সেয়ে তাত নিগনিয়ে বৃহৎ পৰিমাণৰ গাঞ্জা খায় । যাৰ ফলত ইয়াৰ ওজন ৩০ কিলোগ্ৰামৰ পৰা ১৯ কিলোগ্ৰামলৈ হ্ৰাস পায় ।
কিন্তু আৰক্ষীৰ এই ব্যাখ্যাত নিশ্চিত নহ'ল ন্যায়াধীশ । সেয়ে ন্যায়াধীশে তিনিওজন অভিযুক্তক নিৰ্দোষ সাব্যস্ত কৰি কয় যে, আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে ।
উল্লেখ্য, ২০১৮ চনত উত্তৰ প্ৰদেশত অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছিল । মথুৰা আৰক্ষীয়ে চোৰাং ব্যৱসায়ীসকলৰ পৰা আনুমানিক 60 লাখ টকাৰ বজাৰ মূল্যৰ 581 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । জব্দ কৰা গাঞ্জাবোৰ শ্বেৰকাৰৰ পণ্যাগাৰ আৰু হাইৱে আৰক্ষী থানাৰ গুদামত সংৰক্ষণ কৰা হৈছিল । কিন্তু মথুৰা জিলা আৰক্ষীয়ে জব্দ কৰা গাঞ্জাবোৰ আদালতৰ সন্মুখত প্ৰস্তুত কৰাত ব্যৰ্থ হয় । তেওঁলোকে যুক্তি দিয়ে যে নিগনিয়ে 581 কিলোগ্ৰাম গাঞ্জা খাইছে ।
লগতে পঢ়ক :Book on Siddaramaiah : কৰ্ণাটকৰ বিৰোধী নেতাৰ ওপৰত মানহানিকৰ গ্ৰন্থ, উন্মোচনত আদালতৰ স্থগিতাদেশ