ETV Bharat / bharat

অসম-ত্ৰিপুৰা সীমান্তত সুৰা আৰু পেট্ৰ'লৰ চোৰাং ব্যৱসায় - অসম ত্ৰিপুৰা সীমান্তত পেট্ৰ'লৰ চোৰাং ব্যৱসায়

অসম-ত্ৰিপুৰা সীমান্তত অবিৰতভাৱে চলিছে সুৰা আৰু পেট্ৰ'লৰ চোৰাং ব্যৱসায় ৷ সহজ ধন ঘটাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ চুৰাইবাৰীত চলিছে মেঘালয়ৰ সস্তীয়া সুৰা আৰু পেট্ৰ'লৰ চোৰাং ব্যৱসায় ৷

Cheap Meghalaya liquor, petrol smuggling go unabated in Assam Tripura borders
অসম ত্ৰিপুৰা সীমাত সুৰা আৰু পেট্ৰ'লৰ ৰমৰমীয়া চোৰাং ব্যৱসায়
author img

By

Published : Sep 12, 2021, 6:13 PM IST

আগৰতলা , 12 ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ চুৰাইবাৰী অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা সামগ্ৰীৰ চোৰাং ব্যৱসায় এক অসাধু ব্যৱসায়ী চক্ৰৰ বাবে ধন ঘটাৰ সহজ উপায় হৈ পৰিছে ৷ ত্ৰিপুৰাৰ আভ্যন্তৰীণ বাণিজ্যৰ কৰিডৰ হিচাপে বিবেচিত চুৰাইবাৰী এতিয়া এই অসাধু ব্যৱসায়ীসকলৰ বাবে চোৰাং ব্যৱসায় চলোৱাৰ ৰম্যভূমিত পৰিণত হৈছে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ পাচতে চোৰাং ব্যৱসায়ীসকলে তেলৰ ক’লা বজাৰত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ বেছিভাগ তেল কঢ়িওৱা টেংকাৰ এই পথেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰে আৰু গাড়ী চালকসকলৰ সহযোগত তেলৰ ক’লা ব্যৱসায়ীসকলে টেংকাৰসমূহৰ পৰা তেল চুৰ কৰি তেলৰ ঠাইত কেৰাচিন ভৰোৱা কাম কৰি আহিছে ৷

জানিব পৰা মতে, চুৰাইবাৰী চেক প'ষ্টেৰে প্ৰৱেশ কৰাৰ পাচত ট্ৰাকবোৰ প্ৰেমতলা অঞ্চলত লগ হয় ৷ প্ৰথমে তেলৰ টেংকবোৰ এটা নিৰ্দিষ্ট অংশলৈ খালী কৰা হয় আৰু তাৰ পাচতে খালী ঠাইসমূহ কেৰাচিনেৰে পুনৰ ভৰ্তি কৰা হয় ৷ পানীৰ পাম্প ব্যৱহাৰ কৰি বন্ধ টেংকাৰসমূহৰ পৰা তেল উলিওৱাৰ ব্যৱস্থা কৰা হয় ৷ অৱশ্যে সকলোবোৰ জনা স্বত্বেও এই চুৰিৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাই ৷ অভিযোগ অনুসৰি, কোনো কোনো সময়ত আৰক্ষীয়ে এই অঞ্চলসমূহত তহল দিয়াও পৰিহাৰ কৰে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ বিক্ষিপ্ত ঘটনাৰ বাবে মানিক সৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

একেদৰে চোৰাং তেলৰ সমান্তৰালকৈ ৰাজ্যখনলৈ মেঘালয়ৰ পৰা বিদেশী সুৰা সৰবৰাহৰো অভিযোগ উত্থাপিত হৈছে ৷ সূত্ৰই জানিবলৈ দিয়া মতে, ত্ৰিপুৰাতকৈ মেঘালয়ৰ সুৰাৰ দাম যথেষ্ট সস্তা ৷ সেয়ে কিছু সহজ ধন ঘটাৰ উদ্দেশ্যে চোৰাং ব্যৱসায়ীসকলে মেঘালয়ৰ সুৰা ত্ৰিপুৰালৈ অনাৰ বাবে কিছুমান অবৈধ চেনেল প্ৰস্তুত কৰিছে ৷

পাচত এই চোৰাং সামগ্ৰীসমূহ মুকলি বজাৰত বিক্ৰী কৰা হয় ৷ যিয়ে চোৰাং তথা ক’লা সামগ্ৰীসমূহ বগা কৰাত সহায় কৰে ৷ এই ব্যৱসায়ৰ সৈতে জড়িত ধনৰ পথ অনুসৰণ কৰিলে আৰক্ষীয়ে এই চোৰাং ব্যৱসায়ীসকলক অতি সহজেই বিচাৰি উলিয়াব পাৰিব বুলি সূত্ৰই জানিবলৈ দিয়ে ৷

একে পথ অনুসৰণ কৰি ইয়াবাৰ দৰে বিভিন্ন নিচাযুক্ত সামগ্ৰী চোৰাংভাৱে সৰবৰাহ কৰাৰো এক অভিযোগ উত্থাপিত হৈছে ৷ আবকাৰী বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, এনেধৰণৰ চুৰি আৰু দুৰ্নীতিৰ ফলত ৰাজ্যখনে প্ৰতিবছৰে 25 কোটি টকাৰ লোকচান বহন কৰি আছে ৷ কিন্তু, এইক্ষেত্ৰত আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.