ETV Bharat / bharat

Chandrayaan3 Spacecraft : চন্দ্ৰযান-৩ৰ আন এক সফলতা; চন্দ্ৰৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথ লাভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনাইছে যে চন্দ্ৰযান-৩ মহাকাশযানে চন্দ্ৰৰ চাৰিওফালে ওচৰৰ বৃত্তাকাৰ কক্ষপথ লাভ কৰাৰ বাবে আন এক সফলতা অৰ্জন কৰিছে ।

author img

By

Published : Aug 14, 2023, 3:07 PM IST

Chandrayaan3 Spacecraft
Chandrayaan3 Spacecraft

নিউজ ডেস্ক, ১৪ আগষ্ট : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনাইছে যে চন্দ্ৰযান-৩ মহাকাশযানে আন এক সফলতা লাভ কৰিছে । চন্দ্ৰযানে চন্দ্ৰৰ চাৰিওফালে ওচৰৰ বৃত্তাকাৰ কক্ষপথ লাভ কৰিছে । ইছৰোৱে এক টুইটযোগে কয়, "কক্ষপথ বৃত্তাকাৰকৰণ পৰ্যায় আৰম্ভ হৈছে । আজি সম্পাদন কৰা সঠিক কৌশলে ১৫০ কিলোমিটাৰ X ১৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় বৃত্তাকাৰ কক্ষপথ লাভ কৰিছে । পৰৱৰ্তী অভিযানটো ১৬ আগষ্ট তাৰিখে ভাৰতীয় সময়মতে প্ৰায় ৮.৩০ বজাত পৰিকল্পনা কৰা হৈছে ।"

  • Chandrayaan-3 Mission:
    Orbit circularisation phase commences

    Precise maneuvre performed today has achieved a near-circular orbit of 150 km x 177 km

    The next operation is planned for August 16, 2023, around 0830 Hrs. IST pic.twitter.com/LlU6oCcOOb

    — ISRO (@isro) August 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

১৬ আগষ্টত ১০০ কিলোমিটাৰ কক্ষপথত উপনীত হোৱাৰ বাবে প্ৰস্তাৱিত কৌশলৰ পিছত লেণ্ডাৰ আৰু ৰ'ভাৰৰ সৈতে গঠিত লেণ্ডিং মডিউলটো প্ৰপালচন মডিউলৰ পৰা আঁতৰি যাব ।

ইয়াৰ পিছত লেণ্ডাৰ 'ডিবুষ্ট' (লেহেমীয়া হোৱাৰ প্ৰক্ৰিয়া) হ'ব আৰু ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে ১৪ জুলাইৰ উৎক্ষেপণৰ পিছত চাৰি সপ্তাহত ছয়টা পদক্ষেপত ইছৰোৱে চন্দ্ৰযান-৩ মহাকাশযানখন পৃথিৱীৰ পৰা বহু দূৰৈত থকা কক্ষপথলৈ উঠাই লৈ গৈ আছে ।

আগষ্টৰ ১ তাৰিখে এক গুৰুত্বপূৰ্ণ কৌশলত মহাকাশযানখন পৃথিৱীৰ কক্ষপথৰ পৰা চন্দ্ৰৰ ফালে সফলতাৰে প্ৰেৰণ কৰা হৈছিল । এই ট্ৰেন্স-লুনাৰ ইনজেকচনৰ পিছত চন্দ্ৰযান-৩ মহাকাশযানখন পৃথিৱীৰ কক্ষপথৰ পৰা ওলাই যায় আৰু এনে এটা পথ অনুসৰণ কৰিবলৈ আৰম্ভ কৰে যিয়ে ইয়াক চন্দ্ৰৰ ওচৰলৈ লৈ যাব ।

চন্দ্ৰযান-৩ হৈছে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত অৱতৰণ আৰু পৰিভ্ৰমণৰ ক্ষেত্ৰত এণ্ড-টু-এণ্ড ক্ষমতা প্ৰদৰ্শন কৰাৰ বাবে চন্দ্ৰযান-২ৰ এক অনুসৰণ অভিযান । ইয়াত লেণ্ডাৰ আৰু ৰ'ভাৰ কনফিগাৰেচন আছে ।

আনহাতে, ইয়াত অন্তৰ্ভুক্ত আছে এক থলুৱা প্ৰপালচন মডিউল, লেণ্ডাৰ মডিউল আৰু আন্তঃ-গ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে এটা ৰ'ভাৰ ।

উল্লেখ্য যে বৰ্তমান ইছৰো ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আছে । ৰাছিয়াই ৪৭ বছৰ পিছত দেশখনৰ প্ৰথম চন্দ্ৰ লেণ্ডাৰ লুনা-২৫ স্থানীয় সময় মতে, ১১ আগষ্টত উৎক্ষেপণ কৰিছে । ৰাছিয়াৰ এই অভিযান ভাৰতৰ তৃতীয় চন্দ্ৰ মহাকাশযান চন্দ্ৰযান-৩ৰ সৈতে মিলি গৈছে । কিয়নো দুয়োখন লেণ্ডাৰে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ লক্ষ্য ৰাখিছে ।

লগতে পঢ়ক :First moon mission of Russia : সুদীৰ্ঘ ৫০ বছৰৰ পাছত ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.